Breaking

ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় চোৰাং ব্যৱসায়

0 20

ভাৰত বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় হৈ পৰিছে অবৈধ চোৰাং বেহাৰ মেলা। ক’ৰণাৰ বাবে দীৰ্ঘদিন ধৰি ভাৰত বাংলাদেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বন্ধ আছিল। কিন্তু শেহতিয়াকৈ কেতবোৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰত ১৯ অক্টোবৰৰ পৰা দুয়ো দেশৰ মাজত আমদানি আৰু ৰপ্তানি আৰম্ব হৈছে। দুই দেশৰ ব্যৱসায়ী সকলে ভাৰতৰ পৰা প্ৰতিদিনে অবৈধ হাৰত চোৰাং ভাৱে গৰু, নিষিদ্ধ ড্ৰাগছ, গাঞ্জা, ফে়ন্সী ডাইল আদি নিচাগ্ৰস্ত সামগ্ৰী সৰবৰাহ পুনৰ আৰম্ভ কৰিছে অসম আৰু চুবুৰীয়া পশ্চিমবংগৰ ভাৰত বাংলা সীমান্তৰে। চোৰাং সৰবৰাহ প্ৰতিৰোধ কৰাৰ বাবে সীমান্তত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি.এচ.এফ য়ে নিৰাপত্তা ব্য়ৱস্থা কটকটীয়া কৰাৰ পিছতো একাংশ অসাধু, দুৰ্নীতি পৰায়ণ বিষয়াৰ সহযোগত একাংশ কলা ব্যৱসায়ীয়ে চলাইছে পুনৰ লুন্ঠনৰ সাম্ৰাজ্য। চোৰাংচোৱাৰ গোপন প্ৰতিবেদন মতে অসমৰ ধুবুৰীজিলাস্থিত গোলকগঞ্জ থানাৰ অন্তৰ্গত সোনাৰহাটস্থিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ মাজেদি ভাৰত বাংলাদেশৰ মাজত ১৯ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হৈছে চুণশিল, কয়লা বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু পশ্চিমবংগৰ পৰা শিল আৰু বোন্ডাৰ সৰবৰাহ। প্ৰাপ্ত তথ্য মতে ধুবুৰী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া, বিতৰ্কিত মাফিয়া উত্তম প্ৰধানী আৰু পৰিদৰ্শক জনৈক আহমেদক মেনেজ কৰি সীমান্তত সক্ৰিয় হৈ পৰিছে প্ৰতিনিয়ত এই চক্ৰ।

Leave A Reply