মুম্বাইত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ অভিনেতা আংগদ বেদীৰ…

মুম্বাইত ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি শেহতীয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথমটো ৰূপৰ পদক লাভ কৰিছে অভিনেতা আংগদ বেদী।প্ৰথমখন স্প্ৰিণ্টিং প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে আংগদ বেদীয়ে। মুম্বাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত আংগদে ৩১-৪০ বছৰ শাখাত ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি এই পদক লাভ কৰে।


প্ৰশিক্ষক ব্রিনষ্টন মিৰাণ্ডাৰ নেতৃত্বত আংগদে প্রতিযোগিতাখনৰ বাবে প্রস্তুতি চলাইছিল৷ আংগদে এক প্ৰেছ বিবৃতিত কয়, “মই সদায় ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈ আহিছো, এই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িব পাৰিম নাজানোঁ।”

অভিনেতাগৰাকীয়ে ছবি আৰু এটা ভিডিঅ’ও শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখিছে, “মই ৪০০ মিটাৰ দৌৰ দৌৰিলোঁ। মোৰ গুৰু আৰু প্ৰশিক্ষক মিৰাণ্ডাৰ চাৰৰ নিৰ্দেশনাত। প্ৰায় এবছৰ ধৰি এই দিনটোৰ বাবে প্ৰশিক্ষণ লৈছো।”

Related Articles