হাতত গণেশৰ মূৰ্তি, পীতবস্ত্ৰ পৰিধান কৰি অভিনেত্ৰী আইমী বৰুৱাৰ সাত্বিক ৰূপ।

”ॐ श्री गणेशाय नमः। পবিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তপ্ৰাণ ৰাইজক শুভকামনা জনাইছোঁ আৰু প্ৰভু গণেশ বাবাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা যাচিছোঁ । প্ৰভু গণেশ বাবাৰ আশীৰ্বাদে পৃথিৱীৰ পৰা নাশ কৰক সকলো অপায়-অমংগল। গণেশ বাবাৰ কৃপাত সকলোৰে জীৱন সুখ-শান্তি-সমৃদ্ধিৰে ভৰি উঠক তাৰে কামনা ” এইদৰে সামাজিক মাধ্যমত অভিনেত্ৰী আইমী বৰুৱাই পোষ্ট কৰিছে ।

পৱিত্ৰ এইক্ষণত এজোৰ হালধীয়া সাজ পৰিধান কৰি অভিনেত্ৰী আইমী বৰুৱাই হাতত গণেশৰ মূৰ্তি এটি লৈ ফটো তুলি আপলোড কৰিছে । আনুৰাগীয়ে কৈছে-”যিকোনো দেৱ দেৱীৰে প্ৰতিমা হাতত লোৱা আপোনাৰ হবি যেন লাগিছে, যোৱাবাৰ মা দূৰ্গাৰ চিন্নমুণ্ড লৈ কৰা ফটো চেছনৰ কথা মনত পৰিল । ”

আন এগৰাকীয়ে কৈছে–”ৰাগিনী মেগা ছিৰিয়েলখনত যে আপোনাৰ সৰু এটা গনেশ আছিল মনত পৰি গ’ল ” ।

আন এগৰাকীয়ে কৈছে- ”আজি পবিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগুন্তুক দিনবোৰ যেন আটাইৰে অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচি পৰে তাৰে কামনাৰে সিদ্ধিদাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

আন এগৰাকীয়ে কৈছে-”ভাগ্য ভাল এইবাৰ সম্পূৰ্ণ হৈ আহিল, মূৰতো যে নাহিল ।। বাকী গণপতি বাপ্পা মৰিয়া ।”

Related Articles