বিপদত অভিনেত্ৰী আমিশা পেটেল৷ চেক বাউন্সৰ গোচৰত আমিশাৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি ৰাঁচী আদালতৰ…

বিপদত অভিনেত্ৰী আমিশা পেটেল৷ চেক বাউন্স গোচৰত বলীউডৰ অভিনেত্ৰী আমিশা পেটেলৰ বিৰুদ্ধে ৰাঁচী আদালতে জাৰি কৰিছে ৱাৰেণ্ট। অভিযোগকাৰীয়ে অভিনেত্ৰী আমিশা পেটেল আৰু তেওঁৰ ব্যৱসায়িক সহযোগী ক্ৰুনালৰ বিৰুদ্ধে জালিয়াতি, ভয় দেখুওৱা চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল। অভিযোগকাৰী অজয় কুমাৰ সিং ঝাৰখণ্ডৰ চলচ্চিত্ৰ প্ৰযোজক। তেওঁ আমিসা পেটেল আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে প্ৰৱঞ্চনা, ভয় দেখুওৱা চেক বাউন্সৰ গোচৰ ৰুজু কৰিছিল।

২০১৮চনৰ ১৭নৱেম্বৰত অৰগৌড়াৰ অজয় কুমাৰ সিঙে অভিযোগ উত্থাপন কৰিছিল আমিশাৰ বিৰুদ্ধে৷ দেশী মেজিক নামৰ এখন চিনেমাৰ নামত আমিশাই ব্যক্তিজনৰ পৰা ২.৫০কোটি টকা লৈছিল, কিন্তু ব্যক্তিজনক দিয়া নাছিল কোনো ভিডিঅ’৷ যাৰ বাবে ব্যক্তিজনে কাষ চাপিছিল আৰক্ষীৰ৷

আনহাতে চমনৰ পিছতো অভিনেত্ৰীগৰাকীয়ে আদালতৰ সন্মুখত নিজৰ স্থিতি ৰখা নাছিল বাবে আদালত অসন্তুষ্ট হৈ পৰিছিল। আনকি তেওঁৰ অধিবক্তাও আদালতত হাজিৰ নহ’ল। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১৫ এপ্ৰিলত হ’ব। অজয় কুমাৰৰ মতে, অমিশা পেটেল আৰু তেওঁৰ ব্যৱসায়িক সহযোগীয়ে ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত সুতৰ সৈতে ধন ঘূৰাই দিব বুলি কৈছিল। ২০১৩ চনৰ পৰা আৰম্ভ হৈছিল দেশী মেজিকৰ শ্বুটিং।কিন্তু ছবিখন এতিয়াও মুক্তি পোৱা নাই। ছবি নিৰ্মাতাই যেতিয়া আমিশা পেটেলৰ পৰা তেওঁৰ ধন বিচাৰিছিল, তেতিয়া আমিশা পেটেলক সেই ধন ঘূৰাই নিদিলে।

আনহাতে ২০১৮ চনৰ অক্টোবৰ মাহত ২.৫ কোটি আৰু ৫০ লাখ টকাৰ দুখন চেক দিছিল, যিখন চেক বাউন্স হৈছিল।

Related Articles