জন্মদিনত পৰম্পৰাগত সাজ-পোছাকেৰে তিৰুপতীত অভিনেত্ৰী জাহ্নৱী কাপুৰ…

২৭ সংখ্যক জন্মদিন উদযাপনৰ বাবে তিৰুপতিত উপস্থিত জাহ্নৱী কাপুৰ। অভিনেত্ৰীগৰাকীৰ লগত আছিল প্ৰেমিক শিখৰ পাহাদিয়াও আৰু ছ’চিয়েল মিডিয়াত জনপ্ৰিয় বন্ধু অ’ৰী। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ ভিডিঅ’। বুধবাৰে জাহ্নৱী কাপুৰে ২৭ বছৰত ভৰি দিলে। প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁ ভগৱানৰ আশীৰ্বাদত জন্মদিন পালন কৰাৰ সিদ্ধান্ত লৈছিল। তিৰুমালা তিৰুপতিত প্ৰেমিক শিখৰ পাহাদিয়া, বেষ্টফ্ৰেণ্ড অৰহান অৱত্ৰামণি ওৰফে অৰীৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। জাহ্নৱীক শাৰী পিন্ধাত বহুত ধুনীয়া দেখা গৈছিল।


আনহাতে শিখৰ পাহাদিয়াই প্ৰেয়সী জাহ্নৱী কাপুৰৰ সৈতে ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায়।

Related Articles