বিবাহৰ পূৰ্বেই গৰ্ভৱতী হ’ব বিচাৰিছিল অভিনেত্ৰী কিয়াৰা আদৱানীয়ে !

বিবাহৰ পূৰ্বেই গৰ্ভৱতী হ’ব বিচাৰিছিল অভিনেত্ৰী কিয়াৰা আদৱানীয়ে ! কিয়াৰা আদৱানীৰ এটা পুৰণি বক্তব্যই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পূৰ্বে গৰ্ভাৱস্থাৰ বিষয়ে এনে এটা কথা কৈছিল যি কতা বৰ্তমান চৰ্চালৈ আহিছে। এই সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পূৰ্বে গৰ্ভধাৰণৰ কথা কৈছিল। বলিউদৰ অভিনেতা অভিনেত্ৰীসকল যি কোনো কাৰণতে প্ৰায়ে লাইমলাইটত থাকে। বিবাহৰ পিছত কিয়াৰা আদৱানীৰ আগন্তুক ছবিৰ বাবে ‘সত্যপ্ৰেম কি কথা’ ছবিখনৰ প্ৰচাৰৰ সময়ত এখন ফটোৰ বাবেই শিৰোনাম দখল কৰি আছে।

যাৰ আঁৰৰ কাৰণ আছিল অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ এক উৰাবাতৰি। কিন্তু এতিয়া কিয়াৰা আদৱানীৰ এটা পুৰণি সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁ বিয়াৰ পূৰ্বে গৰ্ভাৱস্থাৰ কথা কৈছিল। ‘গুড নিউজ’ ছবিখনৰ প্ৰচাৰৰ সময়ত কিয়াৰা আদৱানীয়ে গৰ্ভাৱস্থাৰ বিষয়ে মুকলিকৈ কয়। অভিনেত্ৰীগৰাকীয়ে কৈছিল- ‘মই গৰ্ভৱতী হ’ব বিচাৰো। যাতে মই যি খাব বিচাৰো খাব পাৰো। ল’ৰা হওক বা ছোৱালী হওক মোৰ বাবে কোনো কথা নাই। মাত্ৰ যিয়েই নহওক সুস্থ হৈ থাকক। কিয়াৰাৰ এই বক্তব্য আকৌ এবাৰ চৰ্চালৈ আহিছে।’ কিছুদিন পূৰ্বে ‘সত্যপ্ৰেম কি কথা’ৰ প্ৰচাৰৰ সময়ত কিয়াৰা আদৱানীয়ে কমলা ৰঙৰ প্ৰেটেন্স পায়জামা পিন্ধিছিল আৰু তাৰ ওপৰত ছিকুৱেল টাইমৰ টপ ফুল স্লীভ পিন্ধিছিল।

এই পোছাকৰ ফটোবোৰত কিয়াৰাৰ পেটটো অলপ ওলাই আহিছিল। ইয়াৰ পিছতে কিয়াৰা গৰ্ভৱতী হোৱাৰ খবৰ বিয়পিবলৈ ধৰিছিল। কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিবাহ ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছালমেৰৰ এটা ৰাজকীয় দুৰ্গত হয়। ইয়াত কিছু ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীক নিমন্ত্ৰণ কৰিছিল। কিয়াৰাক শেষবাৰৰ বাবে ‘সত্যপ্ৰেম কি কথা’ ছবিত দেখা পোৱাৰ বিপৰীতে সিদ্ধাৰ্থ মালহোত্ৰক শেষবাৰৰ বাবে দেখা গৈছিল ‘মিছন মাজনু’ ছবিত। এই ছবিখন ২০২৩ চনৰ জানুৱাৰী মাহত মুক্তি পাইছিল।

Related Articles