কৰ্মৰ পৰা এবছৰ বিৰতি অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ। এবছৰত অভিনেত্ৰীগৰাকীয়ে ১০-১২ কোটি টকা লোকচানৰ সন্মুখীন হ’ব…

কামৰ পৰা মাত্ৰ এবছৰৰ বিৰতি লৈছে দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে। আনহাতে খবৰ অনুসৰি এই বিৰতিৰ ফলত সামন্থাৰ ১০ৰ পৰা ১২ কোটি টকাৰ লোকচান হ’ব পাৰে। শেহতীয়াকৈ দক্ষিণ উদ্যোগৰ শীৰ্ষ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে স্বাস্থ্যৰ বাবে অভিনয়ৰ পৰা এবছৰৰ বিৰতি লোৱাৰ খবৰ ওলাইছিল। একে সময়তে এই বিৰতিৰ ফলত অভিনেত্ৰীগৰাকীৰ বৃহৎ ক্ষতি হ’ব বুলিও খবৰ ওলাইছে। খবৰ অনুসৰি সামন্থাই বিৰতি ল’লে ১২ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা।

খবৰ অনুসৰি সামন্থাই তেওঁৰ প্ৰতিখন ছবিৰ বাবে ৩ৰ পৰা ৪ কোটি টকা মাচুল লয়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৩টা নতুন প্ৰজেক্টত স্বাক্ষৰ কৰিছিল। এনে পৰিস্থিতিত অনুমান কৰা হৈছে যে যদি সঁচাই অভিনেত্ৰীগৰাকীয়ে কামৰ পৰা বিৰতি লৈছে, তেন্তে তেওঁৰ প্ৰায় ১০-১২ কোটি টকাৰ লোকচান হ’ব। কিন্তু এতিয়ালৈকে এই বিষয়ত সামান্থাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

সামন্ত ৰুথ প্ৰভুৱে বিৰতি লোৱাৰ খবৰ যেতিয়া চৰ্চালৈ আহে তেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ ব্ৰেক নিশ্চিত কৰে। ‘চিটাডেল’ৰ শ্বুটিং শেষ হোৱাৰ পিছতে তেওঁ অনুৰাগীক এই খবৰ দিলে। আচলতে সামান্থা মাইঅ’চাইটিছ নামৰ ৰোগৰ বলি। এই ৰোগে শৰীৰ আৰু মাংসপেশীত আক্ৰান্ত হয়।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে সাধগুৰুৰ আশ্ৰমৰ কিছু ছবি শ্বেয়াৰ কৰিছে। য’ত তেওঁক ধ্যানত মগ্ন হৈ থকা দেখা গৈছে।

Related Articles