শ্ৰদ্ধাৰ আদিল হুছেইন ডাঙৰীয়াৰ জন্ম (Adil Hussain) ১৯৬৩ চনৰ ৫ অক্টোবৰ তাৰিখে অসমৰ গোৱালপাৰা চহৰত এখন মধ্যবিত্ত পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ ছামছুদ্দিন হুছেইন এজন কৰ পৰিদৰ্শক আছিল। শৈশৱৰ পৰাই আদিল হুছেইন ডাঙৰীয়াৰ নাটকৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল। পৰিয়ালৰ সহযোগ আৰু গোৱালপাৰাৰ সাংস্কৃতিক পৰিৱেশে তেখেতৰ শিল্পীসত্তা গঢ়ি তুলিছিল। তেখেতে গোৱালপাৰাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীস্থিত কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তাত থাকোতেই তেওঁ নাটক আৰু মঞ্চত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। পিছত তেওঁ নতুন দিল্লী-স্থিত National School of Drama (NSD)-ত নাট্য বিদ্যাত প্ৰশিক্ষণ গ্ৰহণ কৰে। NSD-ৰ পাছত লণ্ডনৰ Drama Studio London-তো তেওঁ অভিনয় শিক্ষা লাভ কৰে। এই সকলো অভিজ্ঞতাই তেওঁক এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অভিনেতাৰূপে গঢ়ি তোলে। আদিল হুছেইন ডাঙৰীয়াই প্ৰথমে অসমীয়া আৰু হিন্দী থিয়েটাৰত নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। গুৱাহাটী আৰু দিল্লীৰ বিভিন্ন নাট্য সংগঠন আৰু পথ নাটকত তেওঁ অভিনয় কৰিছিল। পিছত তেওঁ অসমীয়া, হিন্দী, ইংৰাজী, বেংগলী, তামিল আদি ভাষাত বহু কেইখন চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনয় সদায় সংযত, গভীৰ আৰু প্ৰাণবন্ত বুলি সমালোচকে উচ্চ মূল্যায়ন কৰিছে।
প্ৰধান চলচ্চিত্ৰসমূহ Life of Pi – বিশ্ববিখ্যাত পৰিচালক Ang Lee-ৰ এই চলচ্চিত্ৰত পিতৃৰ চৰিত্ৰত অভিনয়। English Vinglish – শ্ৰীদেৱীৰ বিপৰীতে মূল চৰিত্ৰ। Mukti Bhawan (Hotel Salvation) – পিতৃ-পুত্ৰৰ আত্মিক যাত্ৰাৰ গল্প; বহু আন্তঃৰাষ্ট্ৰীয় উৎসৱত পুৰস্কৃত।The Reluctant Fundamentalist, Pareeksha – এজন দাৰিদ্ৰ্যপীড়িত পিতাৰ ভূমিকাত,Delhi Crime (Netflix series),Lootera, Zed Plus, Unfreedom আদি। পুৰস্কাৰ আৰু সন্মান ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ – “Mukti Bhawan”-ৰ বাবে বিশেষ জুৰী সন্মান। Venice Film Festival, Toronto IFF-ত চূড়ান্ত প্ৰশংসা।Prag Cine Awards, Filmfare OTT Awards আদি।
অসমীয়া সংস্কৃতিৰ বুৰঞ্জীৰ অংশ হিচাপে বহু দল-সংগঠনৰে পৰা সম্বৰ্ধনা। তেখেত বৰ্তমান নতুন দিল্লী আৰু গোৱালপাৰাত সময় অতিবাহিত কৰে। অভিনয়ৰ উপৰিও তেওঁ “Actor Studio India” নামেৰে এক নাট্য কর্মশালা–ভিত্তিক কেন্দ্ৰত নাট্যগুৰু হিচাপে কাম কৰি আছে। য’ত থিয়েটাৰ আৰু স্ক্ৰিন অভিনয়ৰ প্ৰশিক্ষণৰ জৰিয়তে অসমৰ নতুন প্ৰতিভাক ৰাষ্ট্ৰীয় আৰু আর্ন্তজাতিক মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াশ কৰে। তাৰোপৰি ভাৰতৰ বিভিন্ন ঠাইত তেওঁ নাট্য কর্মশালা, মেন্টৰিং আৰু থিয়েটাৰ প্ৰচাৰ-প্ৰসাৰত জড়িত। শেহতীয়াকৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰৱি শৰ্মাই মুখ্য চৰিত্ৰ-ৰ ভূমিকাত অভিনয় কৰা আৰু আদিল হুছেইন ডাঙৰীয়াই– মুখ্য সহ-অভিনেতা হিচাপে “ৱজ্ৰ” চৰিত্ৰত অভিনয় কৰা “ৰুদ্ৰা” ২০২৫ চিনেমা খনৰ প্ৰৰ্দশনী সময়ত তেখেতক গোৱালপাৰা চহৰৰ কল্পনা চিনেমা হলত সাক্ষাৎ হয়।
পৰৱৰ্তী সময়ত তেখেতৰ গোৱালপাৰা স্থিত বাসভৱনত ভাতৃ প্ৰতীম তথা সতীৰ্থ সাংবাদিক ফাৰুক আব্দুলাৰ সৈতে পুনৰ লগ পোৱাৰ সৌভাগ্য হয়। প্ৰায় ২০ মিনিট মান সময়ৰ কথাপোকথনত তেখেত যে এগৰাকী নম্ৰ, গম্ভীৰ আৰু চিন্তাশীল ব্যক্তি সেই কথা অতি কম সময়ৰ ভিতৰতে অনুমান কৰিব পাৰিলো। তেওঁৰ কথা বতৰা, ব্যৱহাৰ আৰু জীৱন দৰ্শনত এক গভীৰতা দেখা পোৱা যায়। বিশ্বজুৰি খ্যাতি লাভ কৰাৰ পাছতো তেওঁ নিজৰ মাতৃভূমি গোৱালপাৰাৰ সৈতে গভীৰভাৱে জড়িত। তেওঁ অহংকাৰহীন, সদায় শিকাবলৈ তথা উৎসাহ দিবলৈ প্ৰস্তুত, আৰু সমাজৰ প্ৰতি দায়িত্বশীল।
আদিল ডাঙৰীয়াৰ ব্যক্তিত্বত বিশ্বজনীন চিন্তাধাৰা আৰু দেশজ মাটিৰ সুবাস একেলগে উপলব্ধি হয়। অভিনয়ক তেওঁ কেৱল পেশা হিচাপে নহয়, এক সাধনাৰ ৰূপত গ্ৰহণ কৰে। তেখেতৰ নিজ মাতৃভুমিৰ প্ৰতি অগাধ ভালপোৱা আছে আৰু সদায় গৰ্বৰে কয় –” মই গোৱালপাৰাৰ সন্তান।” ২০ মিনিট মান কথা বতৰাৰ অন্তত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লও।
আদিল হুছেইন ডাঙৰীয়া কেৱল এজন অভিনেতাই নহয়; তেওঁ হৈছে অসম আৰু বিশেষকৈ গোৱালপাৰাৰ এক জ্যোতিষ্ক মুখ। তেওঁৰ সাফল্য নতুন প্ৰজন্মৰ বাবে এক উদাহৰণ। তেওঁৰ জীৱনযাত্ৰাই প্রমাণ কৰে যে সাধাৰণ পৰিৱেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় শিখৰলৈকে যাত্রা সম্ভৱ, যদি থাকে অধ্যৱসায়, নিষ্ঠা আৰু নিজ কৌশলৰ প্ৰতি বিশ্বাস।