Breaking

ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট

0 55

শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমুহত একাংশ ব্যক্তিয়ে ব্যাপক হাৰত কৃষি ভূমি খনন কৰি সন্ত্রাস সৃষ্টি কৰি অহাৰ পিছতো স্থানীয় প্ৰশাসনে কোনো যাৱতীয় ব্যৱস্থা হাতত নোলোৱাত অতিষ্ঠ হৈছে সচেতন মহল। ইয়াৰ মাজতে বুধবাৰে সদৌ আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি ললিত তাঁতি আৰু কমল ভূমিজৰ নেতৃত্বত অবৈধ ভূমি খনন কাৰী সকলৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্রহণ কৰাৰ দাবীত ডিমৌ ৰাজহ চক্র বিষয়া কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে চৰকাৰক ৰাজহ ফাকি দি অবৈধ ভাৱে কৃষি ভূমি নষ্ট কৰি সহজে ধন ঘটা ব্যক্তি সকলৰ বিৰুদ্ধে যথা সময়ত ব্যবস্থা গ্রহণ নকৰিলে ইয়াতকৈয়ো বৃহৎ গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি সকীয়াই দিয়ে। উক্ত কাৰ্যসূচী জড়িয়তে আদিবাসী ছাত্র সন্থাৰ তৰফৰ পৰা এখন স্মাৰক পত্রও শিৱসাগৰ জিলা আয়ুক্তলৈ ডিমৌ ৰাজহ চক্র বিষয়া যোগেদি প্ৰেৰণ কৰে।

সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে যে ডিমৌ, নিতাই আৰু বকতা আৰক্ষী থানাৰ অন্তৰ্গত কাষৰীয়া ৰাজমাই,ৰজাবাৰী,খৰাহাট,আঠাবাৰী, কৃষ্ণবিহাৰী , মাছৈ,নেমুগুৰি, মহখুটি,ৰাইচাই, কেন্দুগুৰী,কচুমাৰি, কঠালবাৰী,নিতাই, পানীদিহিং,আদি ঠাইৰ বিস্তীৰ্ণ ভূমিত প্ৰতি বছৰে খৰালি আগমণৰ লগে লগে একাংশ ভূ মাফিয়াই ডাম্পাৰ,জেচিবি লৈ অবৈধ মাটি খনন কাৰ্য চলাই আহিছে।

এই বছৰো খৰালিৰ লগে লগে উক্ত ভূ মাফিয়া চক্ৰটোৱে বৃহত্তৰ ডিমৌ অঞ্চলত কৃষি ভূমিকে ধৰি আৱাসিক এলেকা আদিত বহুসংখ্যক জেচিবিৰে মাটি খনন কাৰ্য আৰম্ভ কৰিছে। এনেদৰে মাটি খনন কৰাৰ ফলত উক্ত ভূমিভাগত বৃহৎ দ’ পুখুৰীৰ সৃষ্টি হৈছে।যাৰ ফলত বিভিন্ন স্হানত গাঁৱৰ পশুধনৰ চৰণীয়া পথাৰ ধ্বংস হোৱাৰ উপৰি কৃষিভূমিৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি সৃষ্টি হৈছে।

প্ৰতি বছৰে বানপানীয়ে তাণ্ডৱ চলোৱা নৈ কেইখনৰ কাষৰ মাটি খনন কাৰ্য চলোৱাত নৈ-সমূহৰ স্বাভাৱিক গতিত বিৰূপ প্ৰভাৱ পৰাৰ লগতে ব্যাপক খহনীয়া আদি বৃদ্ধি হোৱাত অৰিহণা যোগোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। নৈ-পৰীয়া ভূমি আৰু গ্ৰামাঞ্চলৰ ভূমিয়ে প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ধৰি ৰখাত সহায়ক হোৱাৰ সম্ভাৱনাও এনে অবৈধ মাটি খননৰ যোগেদি নষ্ট কৰা হৈছে।আনহাতে উক্ত মাটি খননত জড়িত চক্ৰটোৱে ব্যৱহাৰ কৰা বাহনসমূহৰ লগতে একাংশ চালকৰ পৰিবহন বিভাগৰ অনুমোদিত অনুজ্ঞাপত্ৰ নথকাৰ কথাও স্মাৰক পত্ৰত উল্লেখ কৰিছে সংগঠনটোৱে।

তদুপৰি মাটি খনন কাৰ্যত জড়িত কিমান জন ব্যক্তিৰ খননৰ বাবে সংশ্লিষ্ট বিভাগীয় অনুমতি আছে সেয়া এক বৃহৎ প্ৰশ্ন বৰ্তমান ডিমৌ অঞ্চলত।এনেকুৱা অবৈধ খননৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱাৰ উপৰি পৰিবেশ- পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনাটো সকলোৰে বোধগম্য যদিও আদিবাসী ছাত্র সন্থাই অবৈধ মাটি খনন কাৰ্যৰ অন্তৰালত কিছু কিছু ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ, স্থানীয় বিভিন্ন কাৰ্যালয়ৰ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী,আৰক্ষীৰ নেতিবাচক ভূমিকা থকাৰ কথাও উল্লেখ কৰিছে স্মাৰক পত্ৰত।

বিশেষভাৱে স্থানীয় চক্ৰ বিষয়া কাৰ্যালয়, বন বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সম্পূৰ্ণ জ্ঞাতসাৰেই আৰু ভূ মাফিয়াই অবৈধ মাটি খননৰ এক অঘোষিত প্ৰতিযোগিতা চলোৱা বুলি স্থানীয় সচেতন নাগৰিক আৰু ৰাইজৰ অভিযোগ উঠাত উদ্বেগ প্রকাশ কৰিছে। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা‌(আছা) ডিমৌ আঞ্চলিক সমিতিয়ে এই গোটেই বিষয়টোত জিলা আয়ুক্তই নিজাকৈ হস্তক্ষেপ কৰি বৃহত্তৰ ডিমৌ অঞ্চলৰ বিভিন্ন ঠাইত হৈ থকা মাটি খনন কাৰ্যৰ বৈধতাৰ ওপৰত এক অনুসন্ধান আৰু তদন্ত কৰি এই অঞ্চল সমূহত হৈ থকা অবৈধ মাটি খনন কাৰ্য শীঘ্ৰে বন্ধ কৰি এই কাৰ্যৰ লগত জৰিত লোকসকলৰ বিৰুদ্ধে বিভাগীয় আৰু আইনগত কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে।

Leave A Reply