চিত্তৰঞ্জনৰ দত্তৰ ঘাতকক চিনাক্ত কৰাত ব্যৰ্থ প্ৰশাসন! ডেৰ বছৰৰ পিছত আহিল ডি এন এৰ ৰিপ’ৰ্ট…

হত্যা হিংসাৰ ভূ-স্বৰ্গ অসমত অপৰাধমূলক কাৰ্য সংঘটিত হোৱাটো যিদৰে অস্বাভাৱিক নহয় একেদৰে অপৰাধীৰ পক্ষ লৈ ন্যায় ব্যৱস্থাত আউল লগোৱা অৰ্থলোভী একাংশ আৰক্ষী বিষয়ায়েও ভূক্তভোগীক ন্যায় লাভৰ পৰা বঞ্চিত কৰি অহাটো নতুন কথা নহয়। এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ মেধাৱী ছাত্ৰ চিত্তৰঞ্জন দত্তৰ গুপ্ত হত্যাৰ প্ৰসংগই। ২০২২ বৰ্ষৰ ৮ জুলাইৰ নিশাৰে পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ মেধাৱী ছাত্ৰ চিত্তৰঞ্জন দত্ত নিৰুদ্দেশ হৈছিল।

চৌদ্ধপুনীয়া নিবাসী প্রফুল্ল দত্ত আৰু মৌচুমী দত্তৰ কনিষ্ঠ পুত্র তথা মাধৱদের বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ ষষ্ঠ ষান্মাসিকৰ মেধাবী ছাত্র চিত্তৰঞ্জন দত্তই ২০২২ বৰ্ষৰ ৮ – জুলাইৰ নিশা এখন বিয়াৰ বৰযাত্ৰী হিচাপে বিহপুৰীয়াৰ ভোগদৈগুৰিৰ কইনাৰ ঘৰলৈ গৈছিল। কইনাৰ ঘৰত নিশা অহাৰ গ্ৰহণ কৰাৰ পিচৰে পৰা চিত্তৰঞ্জন পুৱালৈকে ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰিছিল তেওঁৰ পৰিয়ালবর্গ। বিশেষকৈ চিত্তৰঞ্জনৰ ম’বাইল ফোনটোও বন্ধ হৈ থকাত অধিক চিন্তিত হৈ পৰিছিল পৰিয়াল তথা আত্মীয়-স্বজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত নিৰুদ্দেশ ছাত্ৰজনৰৰ বিচাৰ- খোঁচাৰ কৰিও কোনো শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল। সমান্তৰালকৈ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে কইনা ঘৰৰ কাষৰ পুখুৰীত জলাশয় আদিত ছাত্রজনৰ সন্ধানত অভিযান চলায় যদিও সন্ধান লাভ কৰিব নোৱাৰিলে। শেহতীয়াকৈ যোৱা ১৯ জানুৱাৰীত বিয়াঘৰৰ কাষৰ এটা পুখুৰীত মেটেকাৰ তলত মাছমৰীয়াই মাছ ধৰোতেই মানুহৰ এটা লাওখোলা উদ্ধাৰ কৰে। পিচদিনা পুখুৰীটোৰ পানী সিঁচাৰ পিচত দেহৰ ছিন্ন-ভিন্ন হাড়, ম’বাইল আৰু জোতা উদ্ধাৰ কৰাৰ পিচত পৰিয়ালবৰ্গই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছিল। মৃত যুৱকজনৰ নৰকংকাল ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ হোৱাত পৰিয়ালে তেওঁক টুকুৰা টুকুৰ কৰি কাটি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰে। তাৎপর্যপূর্ণ কথাটো হ’ল যে চিত্তৰঞ্জনৰ নৰকংকাল উদ্ধাৰ হোৱা পুখুৰীটোত প্রথম অৱস্থাত অভিযান চলাবলৈ এছ ডি আৰ-এফক বাধা প্রদান কৰিছিল আৰক্ষীয়ে।

অভিযোগ অনুসৰি পৰিয়ালে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো সেই পুখুৰীটোত আৰক্ষীয়ে অভিযান চলাবলৈ বাধা প্রদান কৰা বিষয়টো ৰহস্যৰ আৱৰ্তত। আজি এবছৰ সম্পূৰ্ণ হোৱাৰ পিচতো প্রশাসনে চিত্তৰঞ্জনৰ হত্যাকাৰী চিনাক্ত কৰিব নোৱৰাটো ৰহস্যজনক আখ্যা দিছে পৰিয়াল তথা আত্মীয়-স্বজনে। উল্লেখযোগ্য যে প্রশাসনে হত্যাকাৰী চিনাক্ত কৰিব পাৰিলে চিত্তৰঞ্জনৰ পৰিয়ালবর্গই এক লাখ টকা পুৰস্কাৰো ঘোষণা কৰিছিল। কিন্তু হত্যাকাৰী চিনাক্ত নহ’ল। দুর্ভাগ্যজনকভাৱে কনিষ্ঠ ভাতৃ চিত্তৰঞ্জনৰ বিচাৰ- খোঁচাৰ কৰিবলৈ গৈ জ্যেষ্ঠ ভাতৃ হৃদয়ৰঞ্জনেও একে বৰ্ষৰে ২৭ ছেপ্টেম্বৰত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয়। তিনিটা মাহৰ ব্যৱধানত দুই পুত্রক অকালতে হেৰুৱাই নিঠৰুৱা হ’ল পৰিয়ালটো। সমগ্র ঘটনা সন্দৰ্ভত চিত্তৰঞ্জনৰ পৰিয়ালবৰ্গই ২০২২ বৰ্ষৰ ২৭ আগষ্টত মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালকপ্রধান, চলিত বৰ্ষৰ ৫ জানুৱাৰীত অনুন্ধানকাৰী সংস্থা আৰু ১০ মে’ত পুনৰ মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দিয়াৰ পিচতো এইসকলৰ নীৰৱ ভূমিকাই সন্দিহান কৰি তুলিছে পৰিয়ালবৰ্গক। আনহাতে সেই সময়ৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি মৃত যুৱকজনৰ পিতৃ-মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্রী তথা গৃহ মন্ত্ৰীক তদন্তৰ ভিত্তিত দুয়োজন আৰক্ষী বিষয়াৰ শাস্তিৰ দাবী উত্থাপন কৰি লিখিত অভিযোগ দাখিল কৰিছিল যদিও একো ফল নধৰিল। আনহাতে ডিএনএ পৰীক্ষাৰ ক্ষেত্ৰটো বিফল হ’ল অসমৰ চিকিৎসক। শেহতীয়াকৈ চি আই ডিৰ তত্বাৱধানত পুনৰবাৰ তেজ দিয়াত ডিএনএ পৰীক্ষা হাইদৰাবাদত সম্পন্ন কৰাতহে অস্থিৰ অৱশিষ্ট খিনি চিত্ৰৰঞ্জনৰ বুলি প্ৰমাণ হয়।

চিত্ৰৰঞ্জনৰ অস্থিৰ অৱশিষ্ট ১২ জুনত বিহপুৰীয়া আৰক্ষীৰ সহযোগত চি আই ডিৰ দলে চিত্তৰঞ্জনৰ পিতৃ মাতৃক প্ৰদান কৰে আৰু লগে লগে সামাজিকভাৱে অন্তষ্টিক্ৰিয়া সমাপন কৰা হয়। সম্প্রতি ন্যায়ৰ অপেক্ষাত থকা পুত্ৰহাৰা পিতৃ-মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষীৰ সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰি সংশ্লিষ্টসকলক হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ প্ৰাৰ্থনা জনাইছে।

Related Articles