Breaking

বৰপেটাত অবৈধ ইটাৰ ভাটা বন্ধ কৰে প্ৰশাসনে

0 126

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াত চলি থকা এ আই বি ইটাৰ ভাটা আজি বৰপেটা জিলা প্ৰশাসনে বন্ধ কৰি দিয়া পৰিলক্ষিত হয়৷ জনীয়াৰ সালেকুৰাত চলি থকা অবৈধ ইটাৰ ভাটাটো ৰাজহুৱা আৰু মাটিৰ মালিকৰ অভিযোগৰ ভিত্তিত বন্ধ কৰে প্ৰশাসনে ৷

ইৰি ধানৰ লগতে বিভিন্ন খেতি নষ্ট হোৱাৰ হোৱাৰ অভিযোগ উত্থাপন কৰি ভাটাটো বন্ধ কৰিবলৈ আবেদন কৰিছিল ৰাইজৰ লগতে মাটিৰ মালিকে ৷ ৰাইজ আৰু মাটিৰ মালিকৰ অভিযোগৰ ভিত্তিত আজি প্ৰশাসনে বন্ধ কৰি দিয়ে অবৈধ ইটাৰ ভাটাটো ৷

Leave A Reply