২০২১-২০২২ বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণ

২০২১-২২ বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত আৰম্ভ হ’ব। দশম শ্ৰেণী (মেট্ৰিক)ত লাভ কৰা নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তি সম্পন্ন হ’ব। ইয়াৰ পাছত স্নাতক শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তিৰ বাবে অকল অনলাইন মাধ্যমেৰে আবেদন গ্ৰহণ কৰা হ’ব। এই প্ৰক্ৰিয়া সম্পৰ্কে সকলো তথ্য অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। উল্লেখ্য, কটন বিশ্ববিদ্যালয়ে ইতিমধ্যে স্নাতক শাখাৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে আৰু ১০ আগষ্টত স্নাতকোত্তৰ শাখাৰ পৰীক্ষাও সম্পন্ন হ’ব। স্নাতকোত্তৰ শাখাৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। নামভৰ্তি তথা অন্য যিকোনো তথ্য, প্ৰক্ৰিয়াৰ বিষয়ে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটযোগে জনোৱা হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে।

Related Articles