আজি ঘোষণা হ’ল (ADRE Results) ADREৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ ২৮খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্রার্থীয়ে কৰিছিল আবেদন। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্রার্থী অৱতীৰ্ণ হয় লিখিত পৰীক্ষাত। স্কীল টেষ্টৰ বাবে বাছনি লাভ কৰে ১৬,২৯৫ গৰাকী প্রার্থীয়ে। ইয়াৰে ১৩,৮৭৭ গৰাকী প্রার্থীয়ে লাভ কৰে বাছনি। লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীর্ণ ৭,৬৫০ গৰাকী প্রার্থী।

তৃতীয় শ্ৰেণীৰ পদৰ বাবে বাছনিকৃত হ’ল ৭,৬৫০ প্রার্থী। ইয়াৰে ১৫১৬ টা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত
আদিবাসীৰ বাবে সংৰক্ষিত ১৬৩টা পদৰ প্ৰাৰ্থী বাছনি।

অনুসূচিত জাতিৰ ৫২৪ জন প্রার্থী বাছনি। অনুসূচিত জনজাতি ভৈয়ামৰ ৭৪৩ প্রার্থী বাছনি। অনুসূচিত পাহাৰীয়া জনজাতিৰ ৩৫২ প্রার্থী বাছনি। সাধাৰণ শ্ৰেণীৰ ৪,৩৫২ প্রার্থী বাছনি,

EWSৰ বাবে নাই কোনো সংৰক্ষণৰ ব্যৱস্থা। প্রাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত ১১৭ টা পদ। দিব্যাংগৰ বাবে সংৰক্ষিত ২১৫ টা পদ। SEBAONLINE.ORG আৰু ASSAM.GOV.INত চাব পাৰিব ফলাফল।

