Breaking

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল

0 87

শিৱসাগৰৰ ধিতাইপুখুৰীৰ NAYARA তেলডিপুত ভেজাল ডিজেল তেল । বাহনৰ ইঞ্জিন বিকল । তাৰ পিছতেই সমগ্ৰ ঘটনা আহে পোহৰলৈ।

শিৱসাগৰৰ ধিতাইপুখুৰীৰ তেলডিপুত আজি এজন ব্যক্তিয়ে TATA COMPANYৰ এখন বাহনত ডিজেল ভৰাই কিছুদৰ অহাৰ লগে লগে বাহন খনৰ ইঞ্জিন বিকল হৈ পৰে।চালকগৰাকীয়ে তেলৰ ওপৰত সন্দেহ হোৱাত তেলডিপুটোৰ পৰা তেল এটা বটলত ক্ৰয় কৰে।বটলত ক্ৰয় কৰা তেল খিনি দেখি ধৰা পৰে ভেজাল তেল বিক্ৰী কৰাৰ ঘটনা।সম্পূৰ্ণ পানী মিহলি কৰা ডিজেল তেল বিক্ৰী কৰি আহিছে ধিতাইপুখুৰীৰ NAYARA তেলডিপুৱে।

ব্যক্তিজনে এটা বটলত ডিজেলখিনি থৈ প্ৰত্যক্ষ কৰাৰ পিছত বটলটোৰ তলৰ অংশত তেল আৰু ওপৰৰ অংশত অধিক পৰিমাণৰ পানীৰ পৰিমাণ দেখা পোৱা গৈছে। স্থানীয় লোক আৰু দল সংগঠনে বন্ধ কৰি দিছে তেল ডিপুটো ৷ বৰ্তমানলৈকে তেল ডিপুটোত উপস্থিত হোৱা নাই তেল ডিপুৰ স্বত্বাধিকাৰী বুধিন গগৈ৷

বুধিন গগৈৰ মালিকাধীন এই NAYARA তেলডিপুৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে লগতে স্থানীয় ৰাইজ আৰু দল-সংগঠনেও উচ্চিত তদন্ত বিচাৰিছে । বিভাগীয় কৰ্তৃপক্ষই তেলৰ নমুনা সংগ্ৰহ কৰি ধিতাইপুখুৰীৰ এই তেলডিপুটোৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব ।

Leave A Reply