Breaking

গায়ক কে.কেৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন

0 122

কলকাতাত বিখ্যাত গায়ক কে.কেৰ মৃত্যুৰ গোচৰটো এতিয়া ৰাজনৈতিক বিতৰ্কত সোমাই পৰিছে। শেহতীয়াকৈ এই বিতৰ্ক গৈ পাইছে আদালত।সোমবাৰে অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত গায়ক কে.কেৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি এখন আবেদন দাখিল কৰে।

কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ খণ্ড বিচাৰপীঠত এই আবেদন দাখিল কৰে অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে।যোৱা মঙলবাৰে নিশা কলকাতাৰ নজৰুল মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সময়ত বলিউডৰ মহান শিল্পী কে.কে অসুস্থ হৈ পৰিছিল আৰু তাৰ পিছত মৃত্যু বৰণ কৰিছিল।মৃত্যুৰ পিছত কলকাতাৰ নিউ মাৰ্কেট আৰক্ষী চকীত অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছিল।

কলকাতা আৰক্ষীয়ে গায়ক কেকেৰ মৃত্যুৰ তদন্ত কৰি আছে। যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছিল যে কেকেৰ মৃত্যুৰ কাৰণ হৃদজনিত ৰোগ আছিল,ৰাজনৈতিক দলৰ পৰা ৰাজ্যপাললৈ অনুষ্ঠানটোৰ সময়ত পৰিচালনা সম্পৰ্কে যথেষ্ট প্ৰশ্ন উত্থাপন কৰিছিল।এতিয়া আদলতে কি ৰায় প্ৰদান কৰে তাৰ ওপৰত থাকিব সকলোৰে দৃষ্টি।

Leave A Reply