Breaking

বিদ্যালয় নহয় যেন পাচলিৰ বাৰীঃ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ত নান্দনিক পৰিৱেশ…

0 22

মুকালমুৱাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গঢ় লৈ উঠা পাচলি খেতিয়ে মন মুহিছে সকলোৰে। চালে চকু ৰৈ যোৱা এক নান্দনিক পৰিৱেশ।বিদ্যালয়খনত বিদ্যাতয়নিক শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থী সকলক দিয়া হৈছে ব্যাৱহাৰিক শিক্ষা।বিদ্যালয়খনত এক নান্দনিক পৰিৱেশৰ মাজত শিক্ষাৰ্থী সকলক দিয়া হয় পাঠদান। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এখন বিদ্যালয়ত গঢ় লৈ উঠা ব্যতিক্ৰমী পৰিবেশে মোহিত কৰিছে সকলোৰে মন। চালে চকু ৰৈ যাব আপোনাৰো। নলবাৰী জিলাৰ লোহাৰকাঠাস্থিত পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত দুই বিঘাতকৈ অধিক ভূমিত বিধে বিধে লগোৱা হৈছে পাচলিৰ খেতি।পানী লাও,ৰঙালাও, জিকা , ছাল কোমোৰা , তিয়হ , ভেন্দি ,জলকীয়াৰ লগতে বিবিধ পাচলিৰে ভৰপুৰ। বিদ্যালয় খনৰ পাচলি বাৰীত লমালমে লাগিছে পাচলি। চকু থৰ হৈ ৰোৱা পৰিৱেশ এতিয়া বিদ্যালয় খনত।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক কৃষিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যেই বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে কৰিছে এই কৃষি কাৰ্য্য। বিদ্যালয় চৌহদত উৎপাদিত এই পাচলি সমূহ মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰা হয়।বিদ্যাতয়নিক শিক্ষাৰ লগতে বিদ্যালয়খনত ব্যৱহাৰিক শিক্ষা দিয়া হয় ছাত্ৰ ছাত্ৰী সকলক।ইফালে ইয়াৰ লগতে বিদ্যালয় খনত কৃষিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ যো- জা চলাইছে।ইয়াৰ উপৰিও ৬০০ তকৈ অধিক ছাত্র ছাত্ৰী থকা বিদ্যালয়খনৰ চৌহদৰ দেৱালত লিখিছে বহু মহৎ লোকৰ বাণী যিয়ে আকৃষ্ট কৰে বিদ্যালয়খনলৈ অহা অভিভাৱকৰ লগতে বিদ্যালয়খনৰ সমূখেৰে পাৰ হৈ যোৱা পথচাৰীকো। ১৯৬২ চনতে স্থাপিত বিদ্যালয়নে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন সময়ত অৰ্জন কৰি আহিছে সুখ্যাতি।

Leave A Reply