Breaking

তেজপুৰৰ ৰাজপথত শিল্প, সংস্কৃতি, সাহিত্য, ইতিহাসৰ নান্দনিক প্ৰদৰ্শন

0 72

সংস্কৃতিৰ নগৰী তেজপুৰ শনিবাৰে পুৱাৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্য, অসমীয়া লোককলা, শিল্পকলা, ভাওনা শিল্প আদিৰে মুখৰিত হৈ পৰিল। চৌদিশে মাথোঁ শিল্পৰ সমাহাৰ। শিক্ষাৰ্থীৰ পাৰভঙা উছাহৰ মাজত বুৰ গ’ল সমগ্ৰ তেজপুৰ চহৰ।

উল্লেখ্য যে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা তেজপুৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিনটোৰ পুৱাই মহাবিদ্যালয়ৰ পৰা গজৰাজক সন্মুখত লৈ আৰম্ভ কৰা মহাবিদ্যালয়খনৰ ২১ টা বিভাগৰ প্ৰায় দুই সহস্ৰাধিক শিক্ষাৰ্থীৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে সমগ্ৰ তেজপুৰ চহৰ।

তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আনুষ্ঠানিক ভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰাৰ পূৰ্বে অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকা আৰু উপাধ্যক্ষ ৰীতা শইকীয়া দত্তকে ধৰি একাংশ অধ্যাপক – অধ্যাপিকাৰ উপস্থিতিত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আদিত্য ৰাণা কাশ্যপে বিধায়ক গৰাকীক ফুলাম গামোচা আৰু ফুলাম জাপিৰে আদৰণী জনোৱাৰ পিছত বিধায়ক গৰাকীয়ে তেজপুৰ মহাবিদ্যালয় ইতিমধ্যে ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰত এখন পৰিচিত মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে বুলি মন্তব্য কৰি শোভাযাত্ৰাত প্ৰদৰ্শন কৰা বিষয় সমূহে সামগ্ৰিক ভাৱে বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সমান্তৰাল ভাৱে ইতিহাসকো প্ৰতিফলিত কৰিবলৈ সক্ষম হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে।


ইয়াৰ পিছতেই মহাবিদ্যালয় প্ৰাংগনৰ পৰা আনন্দ উল্লাসৰ মাজেৰে আৰম্ভ হয় বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা।
উল্লেখ্য যে, তেজপুৰ চহৰৰ তিনি কিলোমিটাৰ পৰিভ্ৰমণ কৰা এই শোভাযাত্ৰাত ছাত্ৰী নিবাসৰ দলটিয়ে “ব্ৰক্ষ্মপুত্ৰ উপনৈ সমূহ” শীৰ্ষক বিষয়ত ফেষ্টুনত সকলো উপনৈৰ নাম লিখি অগ্ৰসৰ হোৱাৰ লগতে অসমীয়া বিভাগে “অসমীয়া সংস্কৃতি” শীৰ্ষক বিষয়ত অসমীয়া সংস্কৃতিৰ সকলো দিশ প্ৰতিফলিত কৰাৰ উপৰি উদ্ভিদ বিজ্ঞান বিভাগে “বিহু” শীৰ্ষক বিষয়, বাণিজ্য প্ৰশাসন বিভাগে “ৰাসলীলা” শীৰ্ষক বিষয়ত ৰাস ভাওনাৰ সামগ্ৰিক দৃশ্যাংশ, শিক্ষা তত্ত্ব বিভাগে “বুঢ়ী আইৰ সাধুৰে মুখৰিত সোণালী শৈশৱ” শীৰ্ষক বিষয়ত বুঢ়ী আইৰ সাধুত ব্যৱ্হৃত সকলো জতুৱা ঠাঁচ, ফকৰা যোজনা, পটন্তৰ প্ৰদৰ্শনৰ লগতে বাণিজ্য বিভাগে” অনৈক্যৰ মাজত ঐক্য” শীৰ্ষক বিষয়, ভূগোল বিজ্ঞান বিভাগে “অংকীয়া নাট” শীৰ্ষক বিষয়ত সকলো অংকীয়া নাটৰ দৃশ্য, দৰ্শন বিভাগে “দৌল উৎসৱ” শীৰ্ষক বিষয়ত হোলী গীতৰ সমাহাৰ, ৰাজনীতি বিজ্ঞান বিভাগে “বাৰ মাহৰ চানেকীৰে অসমীয়া জাতীয় জীৱন” শীৰ্ষক আকৰ্ষণীয় বিষয়, অৰ্থনীতি বিভাগে “বিভিন্ন যুগ” শীৰ্ষক বিষয়ত প্ৰত্যেক যুগৰ তাৎপৰ্য প্ৰদৰ্শন, ৰসায়ন, পদাৰ্থ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগে” অসমৰ পৰম্পৰাগত কৃষি পদ্ধতি” শীৰ্ষক বিষয়ৰ উপৰি কলা আৰু সংগীত বিভাগ, নেপালী বিভাগ, বাংলা বিভাগ, হিন্দী বিভাগ, ইংৰাজী বিভাগকে ধৰি আটাইকেইটা বিভাগে প্ৰদৰ্শন কৰা অনুষ্ঠানে তেজপুৰীয়া ৰাইজক মুগ্ধ কৰি তোলে।

আনহাতে মহাবিদ্যালয় সপ্তাহৰ প্ৰতিযোগিতামূলক ভাৱে উলিওৱা এই শোভাযাত্ৰাৰ বাবে বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ সম্পাদক তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা আৰু বিশিষ্ট কলা নিৰ্দেশক কুলেন বৰা।শোভাযাত্ৰাৰ পিছতেই মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয় শীৰ্ষ গীতেৰে আৰম্ভ হয় বঁটা বিতৰণী আৰু মহাবিদ্যালয় সপ্তাহৰ মূল সভা।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত এই মূল অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্হ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন্দ্ৰ কুমাৰ দেউৰী।

আনহাতে মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ড॰ স্বাধীনতা মহন্তই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা এই মূল সভাতে মহাবিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হোৱা সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়া প্ৰতিযোগিতা সমূহৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে সদ্যঘোষিত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৮ নম্বৰ স্থানেৰে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী প্ৰয়াসী গৌতমক অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকাই অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ।আনহাতে বিয়লিৰ পৰা সন্ধিয়ালৈকে অনুষ্ঠিত আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান।

Leave A Reply