Breaking

ইলেক্ট্রনিক পইণ্ট ডিভাইচত Biometricৰে লাভ হ’ৱ সুলভ মূল্যৰ সামগ্রী

0 1,542

কেন্দ্রীয় চৰকাৰৰ আঁচনি ‘এক ৰাষ্ট্র এক ৰেচন কার্ড’ৰ ৰেচন কার্ডসমূহ আধাৰ কার্ডৰ সৈতে সংযোগ কৰি ইলেক্ট্রনিক পইণ্ট অৱ চেল ডিভাইচত বায়’মেট্রিক প্রমাণীকৰণেৰে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলে খাদ্য–সামগ্রী লাভ কৰিব৷ এই বিষয়ে শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত বিস্তৃতভাৱে ব্যাখ্যা কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ তেওঁ কয় যে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো প্রব্রজনকাৰী হিতাধিকাৰীক বায়’মেট্রিক প্রমাণীকৰণৰ দ্বাৰা একত্রিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কার্ড ব্যৱহাৰেৰে খাদ্য সামগ্রী ক্রয় কৰাৰ অধিকাৰ দিয়া৷ আজিৰ তাৰিখৰ পৰা অসমো ‘এক ৰাষ্ট্র এক ৰেচন কার্ড’ৰ মানচিত্রত অন্তর্ভুক্ত হ’ল৷  আমি পৰীক্ষামূলকভাৱে কামৰূপ মহানগৰ জিলাত ১০০টা ইলেক্ট্র’নিক পইণ্ট অৱ চেল ডিভাইচ আগবঢ়াইছোঁ৷ অহা সোমবাৰৰ পৰা ইয়াৰ সক্রিয়কৰণ হ’ব৷ ৰাজ্যত সর্বমুঠ ৩৩,৯,৭৮খন সুলভ মূল্যৰ দোকান আছে৷ তদুপৰি সর্বমুঠ ৫৮,৯০,৯২৭টা পৰিয়ালৰ হিতাধিকাৰীৰ সংখ্যা হৈছে ২,৫০,৫১,৮৭৯গৰাকী৷ ৰেচন কার্ডসমূহ আধাৰ কার্ডৰ সৈতে সংযোগৰ প্রক্রিয়া তথা হিতাধিকাৰীসকলৰ বায়’মেট্রিক প্রমাণীকৰণ ৰাজ্যৰ প্রতিখন সুলভ মূল্যৰ দোকানত সক্রিয়ভাৱে কৰি থকা হৈছে৷ ৰেচন কার্ড আৰু আধাৰ কার্ডৰ সংযোগীকৰণ তথা বায়’মেট্রিক হ’লেহে হিতাধিকাৰীসকলে সামগ্রী ক্রয় কৰিব পাৰিব৷ সেয়েহে যিসকলে ৰেচন কার্ড আধাৰ কার্ডৰ সৈতে সংযোগ কৰা নাই, তেওঁলোকক শীঘ্রে এই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ মই আহ্বান জনাইছোঁ৷ মন্ত্রী দাসে জানিবলৈ দিয়া মতে এই ব্যৱস্থাৰ জৰিয়তে এজন হিতাধিকাৰীয়ে দেশৰ যিকোনো স্থানতে সামগ্রী ক্রয়ৰ সুবিধা লাভ কৰিব৷ আনকি চৰকাৰে আগবঢ়োৱা নির্দিষ্ট পৰিমাণৰ সামগ্রীৰ কিছু অংশ এজন সদস্যই বহিঃৰাজ্যত ক্রয় কৰিলেও বাকী পৰিমাণৰ সামগ্রীখিনি অসমত থকা পৰিয়ালৰ আন সদস্যসকলে ক্রয় কৰাৰ সুবিধা পাব৷ এই আঁচনিখন কার্যকৰী হোৱাৰ লগে লগে ভুৱা হিতাধিকাৰী আৰু অসাধু ব্যক্তিয়ে মুনাফা লুটিব নোৱাৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ এই সম্পর্কত তেওঁ কয়– আমি ধনী বা অযোগ্য হিতাধিকাৰীসকলক তেওঁলোকৰ ৰেচন কার্ড পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ৷ একে সময়তে চৰকাৰৰ তৰফৰ পৰাও ভুৱা হিতাধিকাৰী সম্পর্কত অনুসন্ধান চলোৱা হৈছিল৷ এই সময়ছোৱাত ১,২৬,১২৩গৰাকী হিতাধিকাৰীৰ নাম কর্তন কৰা হৈছে৷

Leave A Reply