Breaking

১৯৭২ চনৰ পিছত পুনৰ চন্দ্ৰত আমেৰিকাৰ মহাকাশযান, নাছাই ছ’চিয়েল মিডিয়াত লিখিলে ‘চন্দ্ৰত অৰ্ডাৰ ডেলিভাৰী হ’ল’…

0 34

চন্দ্ৰযান-৩ৰ ছমাহৰ পাছত আমেৰিকাই দক্ষিণ মেৰুত নিজৰ মহাকাশযান অৱতৰণ কৰিছে। এই মহাকাশযান ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ফেলকন ৯ ৰকেটে প্ৰেৰণ কৰিছিল। বৰ্তমান আমেৰিকাৰ বাহিৰেও পূৰ্বৰ ছোভিয়েট ইউনিয়ন, চীন, ভাৰত আৰু জাপানে নিজৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছে। ৫০ বছৰৰ পাছত আমেৰিকাই ভাৰতৰ ‘চন্দ্ৰযান-৩’ৰ পৰা অলপ দূৰৈত চন্দ্ৰত নিজৰ মহাকাশযান অৱতৰণ কৰিছে। হয়, ৰবট লেণ্ডাৰ অডিচিয়াছে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত ভৰি দিলে। ইয়াৰ পূৰ্বে ১৯৭২ চনত আমেৰিকাৰ এপ’ল’ ১৭ মহাকাশযান চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছিল। কেইঘণ্টামানৰ আগতে মহাকাশযান নিৰ্মাণ কোম্পানী ইনটুইটিভ মেচিনছক টেগ কৰি নাছাই ছ’চিয়েল মিডিয়াত লিখিছিল, ‘আপোনাৰ অৰ্ডাৰ চন্দ্ৰত উপনীত হৈছে।’ শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে অৱতৰণ নিশ্চিত হোৱাৰ পিছত মিছনৰ বিজ্ঞানীসকলে হাত চাপৰি বজাবলৈ আৰম্ভ কৰে।

মহাকাশযানখনত লাইভ ভিডিঅ’ প্ৰেৰণৰ সুবিধা নাছিল। অৱশ্যে পৰিকল্পনা অনুসৰি মহাকাশযানখনে মালাপাৰ্ট গহ্বৰত অৱতৰণ কৰিছে। আমোদজনক কথাটো হ’ল এই আমেৰিকাৰ মহাকাশযানখনো সৌৰশক্তিৰ ওপৰত মাত্ৰ সাত দিনৰ বাবে কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। চন্দ্ৰৰ সেই অঞ্চলত সূৰ্য্য অস্ত যোৱাৰ লগে লগে এই লেণ্ডাৰখনৰ সেৱা শেষ হ’ব। চন্দ্ৰত অৱতৰণৰ ক্ষেত্ৰত আমেৰিকাই একমাত্ৰ দেশ যিয়ে কেইবাবাৰো মানুহক চন্দ্ৰলৈ পঠিয়াইছে। শেষবাৰৰ বাবে এই কাম কৰা হৈছিল এপ’ল’ ১৭ মিছনত। এতিয়া নাছাই চন্দ্ৰৰ দক্ষিণ মেৰুৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিব বিচাৰিছে যাতে ভৱিষ্যতে মহাকাশচাৰীৰ ঘাটি নিৰ্মাণৰ স্থান বিচাৰি পাব পাৰে।



Leave A Reply