Breaking

দীপাৱলীৰ পিছতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰলৈ পৰিগণিত দিল্লী…

0 49

দিল্লী প্ৰদূষণঃ বৰষুণৰ বাবে বায়ু প্ৰদূষণৰ পৰা দিল্লীয়ে অলপ সকাহ পাইছিলহে, সেই সকাহ দেওবাৰে দীপাৱলী উপলক্ষে শেষ হোৱা বুলি জানিব পৰা গৈছে। নিষেধাজ্ঞাৰ পিছতো ফটকা ফুটালে ৰাইজে। দীপাৱলীৰ পিছত সোমবাৰে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে দিল্লীত। বায়ুৰ গুণাগুণ পৰীক্ষাৰ বিশেষজ্ঞ চুইজাৰলেণ্ডৰ কোম্পানী ‘আইকিউএয়াৰ’ৰ মতে সোমবাৰে দিল্লী বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হয়, তাৰ পিছতে পাকিস্তানৰ লাহোৰ আৰু কৰাচী চহৰ।

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত মুম্বাই আৰু কলকাতা ক্ৰমে পঞ্চম আৰু ষষ্ঠ স্থানত আছে। দেওবাৰে দীপাৱলীৰ দিনা দিল্লীত আঠ বছৰৰ ভিতৰত সৰ্বোত্তম বায়ুৰ গুণাগুণ ৰেকৰ্ড কৰা হয়। এই সময়ছোৱাত ২৪ ঘণ্টাৰ গড় বায়ুৰ গুণাগুণ সূচকাংক বিয়লি ৪ বজাত ২১৮ত ৰেকৰ্ড কৰা হয়। কিন্তু দেওবাৰে গভীৰ নিশা আতচবাজী জ্বলোৱাৰ বাবে নিম্ন উষ্ণতাৰ মাজত প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পালে। সোমবাৰে পুৱা ৭ বজাত ২৭৫ AQI


Leave A Reply