কোৰোণাত স্বামীৰ মৃত্যুৰ পাছতে পত্নী-পুত্ৰক খেদিলে ঘৰৰ পৰা৷

ডবকাৰ ভেলৌগুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ কোৰোণাত মৃত্যু হোৱা শিক্ষকৰ পত্নীক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিলে স্বামীগৃহৰ লোকে৷ বিপদত পৰা মহিলাগৰাকীক আশ্ৰয় দিয়াৰ নামত নিজৰ সন্তানটি পৰিয়ালটোক বিক্ৰী কৰি দিবলৈ প্ৰস্তাৱ দিলে আন এটা পৰিয়ালে।

চেলিনা বেগম নামৰ এই মহিলাগৰাকীৰ স্বামী শিক্ষক নাজিম উদ্দিনৰ এসপ্তাহ পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্যু হৈছিল৷ শিক্ষকজনৰ মৃত্যুৰ দিনাই স্বামীগৃহৰ লোকে মহিলাগৰাকীক মাৰপিট কৰি খেদি দিলে ঘৰৰ পৰা৷ উল্লেখ্য যে শিক্ষক নাজিম উদ্দিনে পৰিয়ালৰ অমতত প্ৰেমসূত্ৰে বিবাহ কৰিছিল চেলিনাক। কিন্তু বিয়াৰ পাছতো মহিলাগৰাকীক স্বামীৰ পৰিয়ালে স্বীকৃতি নিদিলে। যাৰ বাবে স্বামীৰ মৃত্যুৰ দিনাই সন্তানসহ মহিলাগৰাকীক স্বামীগৃহৰ লোকে ঘৰৰ পৰা খেদি দিয়াত মহিলাগৰাকীলৈ নামি আহে চৰম অমানিশা ।

উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে আশ্ৰয় লয় ডবকাৰ এটি পৰিয়ালত ৷ কিন্তু সেই পৰিয়ালটোৱে চেলিনাৰ পাঁচ বছৰীয়া শিশুটি ৰাখি থৈ শিশুটি তেওঁলোকৰ ওচৰত বিক্ৰী কৰি দিবলৈ ভাবুকি দিয়াত পুনৰ বিপদত পৰে চেলিনা।

ইফালে স্বামীগৃহৰ লোকৰ বিৰুদ্ধে মহিলাগৰাকীয়ে ডবকা থানাত গোচৰ তৰাৰ পিছতো আজিলৈ কোনো ন্যায় নোপোৱাত আজি মহিলাগৰাকীয়ে ন্যায় বিচাৰি উপস্থিত হয় হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ ওচৰত৷ আইনসেৱা প্ৰাধিকৰণে চেলিনা আৰু শিশুটিক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে ৷ লগতে প্ৰাধিকৰণে নিজাববীয়াকৈ ৰুজু কৰে এটা গোচৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে পৰা বিনামূলীয়া আইনী সেৱা প্ৰদান কৰিব বুলি জনায় অধিবক্তা ৰোহিনা ৱাৰিছে৷

Related Articles