স্বামীৰ পাছত এইবাৰ পত্নীৰ ভাওনা জগতত পদাৰ্পণ। মঙ্গলবাৰে মৰিয়নি নাগাজাংকাত অনুস্থিত ভাওনাত মৰিয়নিৰ বিধায়কৰ পত্নীৰ অভিনয়। ইতিমধ্যে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা ,ৰাসত কেইবাবাৰো অভিনয় কৰাৰ পাছত এইবাৰ ভাওনা জগতত খোজ পেলালে বিধায়ক গৰাকীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে।

মৰিয়নিৰ নাগাজাংকাত মহিলা সকলৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষীয়া নাট ‘দুৰ্যোধনৰ উৰুভংগ’ নামৰ নাটক খনিত কৰ্ণৰ পত্নী পদ্মাৰ চৰিত্ৰটো ৰূপদান কৰে বিধায়ক পত্নীয়ে।পদ্মাৰ অভিনয় উপভোগ কৰিবলৈ সহস্ৰাধিক দৰ্শকৰ সমাৱেশ ঘটে ভাওনাস্থলীত।
মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

