‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পিছত ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ ছবিখনক লৈ নতুন বিতৰ্ক…

পৰিচালক সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ বিতৰ্ক শেষ নৌহওতেই পশ্চিমবংগত এখন নতুন ছবিক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। ছবিখনৰ নাম ‘দ্য ডায়েৰী অফ ওৱেষ্ট বেংগল’ এই হিন্দী ছবিখনৰ পৰিচালনা সনোজ মিশ্ৰৰ।

এই ছবিখনৰ ট্ৰেইলাৰ নেট জগতত বিয়পি পৰাৰ লগে লগে তৎপৰ হৈ পৰিল পশ্চিমবংগৰ পুলিচ। পৰিচালক সনোজলৈ পোনপটীয়াকৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।

অভিযোগ উত্থাপন হৈছে যে এই ছবিখনৰ জৰিয়তে পশ্চিমবংগৰ সন্মানক ক্ষুণ্ণ কৰাৰ চেষ্টা কৰা হৈছে। আমহাৰ্ষ্ট ষ্ট্ৰীট থানাত সোধা-পোছাৰ বাবেও পৰিচালকগৰাকীক মাতি পঠোৱা হৈছে।

পৰিচালক সনোজ মিশ্ৰ মুম্বাইৰ বাসিন্দা। মুম্বাইৰ ওছিৱাৰা থানাৰ আৰক্ষীৰ জৰিয়তে পৰিচালকলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে। বংগ আৰক্ষীৰ ফালৰ পৰা তাৎক্ষণিক সঁহাৰি বিচৰা হৈছে।

বাতৰি অনুসৰি,  ছবিখনৰ পৰিচালক সনোজে কয় যে ‘’এই ছবিখন পশ্চিমবংগক বদনাম কৰিবলৈ নিৰ্মাণ কৰা হোৱা নাই। আমি তথ্য দাঙি ধৰিছো। পুংখানুপুংখ গৱেষণাৰ অন্তত ছবিখন নিৰ্মাণ কৰা হৈছে।”

Related Articles