Breaking

বিহালী বগাৰঙৰ মা কামাখ্যা লাইন হোটেলৰ পাছত এইবাৰ তিনি হোটেলত আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান

0 41

বিহালী বগাৰঙৰ মা কামাখ্যা লাইন হোটেলৰ পাছতেই এইবাৰ তিনিখন লাইন হোটেলত আৰক্ষী আৰু আৱকাৰী বিভাগৰ চলিল অভিযান। অভিযানত মদ্য পান কৰি থকা লোক সহ মদৰ বটল উদ্ধাৰ।

তথ্য মতে মাদক দ্ৰব্য সেৱন কৰি যান বাহন চলোৱা আৰু পথ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মঙ্গলবাৰে সন্ধিয়া ৯মান বজাত বিশ্বনাথ জিলা আপকাৰী বিভাগৰ পৰিদৰ্শক প্ৰভেশ কুমাৰ মিলি আৰু বৰগাং আৰক্ষী বিষয়া ৰূপজ্যোতি গগৈৰ নেতৃত্বত সাধাৰণ জনতাক নিৰাপত্তা দিয়াৰ সন্দৰ্ভত বিহালীৰ বগাৰঙৰ লাইন হোটেল সমূহত যুটীয়া ভাৱে অভিযান চলাই সঙ্ঘমিতা, কামধেনু আৰু চাজী নামৰ ধাবা তিনিখনত মদৰ আড্ডা প্ৰত্যক্ষ কৰে আৰক্ষী আৰু আৱকাৰী বিভাগৰ দলটোৱে।

লগে লগে আৰক্ষী আৰু আপকাৰী অভিযান চলাই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মদ্যপান কৰা কেইবাজনো লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে অতি শীঘ্ৰে উক্ত লাইন হোটেল সমুহ বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে আৱকাৰী বিষয়া প্ৰভেশ কুমাৰ মিলিয়ে। উল্লেখ্য যে বিগত এমাহ পূৰ্বে মাঁ কামাখ্যা নামৰ লাইন হোটেলত মদৰ বটল উদ্ধাৰ কৰি হোটেল খনৰ বিৰোদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিল আৱকাৰী বিভাগে।

Leave A Reply