“লাচন চাপৰিত বন ধ্বংস যজ্ঞ শীৰ্ষক”বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰিছে বন বিভাগ
“লাচন চাপৰিত বন ধ্বংস যজ্ঞ শীৰ্ষক”বাতৰিৰ পিছতে তৎপৰ হৈ পৰিছে বন বিভাগ৷ শনিবাৰে পুৱাই পৰিৱেশৰ বুজ ল’লে দুগৰাকী মাজুলীৰ বনকৰ্মীয়ে৷

উল্লেখ্য যে, উজনি মাজুলী লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত লাচন চাপৰিত প্ৰায় এমাহ দিন ধৰি চলি আছিল বন ধ্বংসৰ কাম। নিমাতী কন্যাৰ ৰূপত মৌনতা অৱলম্বন কৰি আছিল মাজুলীৰ বনবিভাগ । শনিবাৰে দৈনন্দিন বাৰ্তাত উক্ত বাতৰি প্ৰকাশ পোৱাৰ লগে লগে বিধায়ক আৰু উপায়ুক্তৰ নিৰ্দেশত দুগৰাকী বনকৰ্মী আহি ঘটনাস্থলী পৰিদৰ্শন কৰে৷

ইতিমধ্যে শতাধিক গছ কাটি তহিলং কৰিছে দুৰবৃত্তই। স্থানীয় সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে যে, ইমানদিনে বিভাগীয় বনকৰ্মীসকলে কিয় দায়িত্বজ্ঞানহীনতাৰ দৰে মৌন হৈ আছিল? কোৱা বাহুল্য যে, ইতিমধ্যে দুগৰাকী চোৰাং কাঠৰ ব্যৱসায়ীয়ে আৰক্ষীৰ জালত পৰাৰ পিছত ৰেঞ্জাৰ অতুল দাসৰ নামো সাঙোৰ খাইছিল৷ কিন্তু জেংৰাইমুখ আৰক্ষী থানাত
মাজুলীৰ বনবিভাগৰ ৰেঞ্জাৰ অতুল দাসে তেওঁৰ বিৰুদ্ধে হোৱা অভিযোগক নৎসাত কৰি শ্ৰী দাসে কয় এই ঘটনা তেখেতৰ অজ্ঞাতে সংঘটিত হোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
তেনেস্থলত দুগৰাকী বনকৰ্মীয়ে ঘটনাস্থলীত পৰিদৰ্শন কৰিছে যদিও সমগ্ৰ ঘটনাক কিদৰে তদন্ত কৰিব বা কি পদক্ষেপ ল’ব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

