Breaking

বয়স নহয় বাধাঃ ৭৪ বছৰ বয়সতে বিএছচি অধ্যয়ন কৰিবলৈ মহাবিদ্যালয়ত নাম লগালে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে…

0 46

বয়সে কোনো কথাতে বাধা দিব নোৱাৰে, সকলোতে মূল কথা ইচ্ছা। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হায়দৰাবাদৰ এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো ৭৪ বছৰ বয়সত, অন্দ্ৰপ্ৰদেশৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী কে. চিন্না য়েৰুকুলুয়ে কম্পিউটাৰ বিজ্ঞানৰ বি.এছ.চি.পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। তেওঁ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় খাইৰাটাবাদত আসন লাভ কৰিছে। “মই সদায় পঢ়িব বিচাৰিছিলো আৰু সীমাহীন উচ্চতাত উপনীত হ’ব বিচাৰো। কিন্তু সেই সময়ত পাৰিবাৰিক পৰিস্থিতিয়ে মোক বেছি পঢ়িবলৈ অনুমতি দিয়া নাছিল আৰু মই কম বয়সতে চাকৰিত সোমাইছিলো,” য়েৰুকুলাই কয়। ৭৪ বছৰীয়া বৃদ্ধগৰাকীয়ে এ.পি. ট্ৰেন্সকো বিভাগত লাইনমেনৰ চাকৰি কৰিছিল।

কলেজত নামভৰ্তি কৰাৰ বাবে তেওঁ বয়সৰ উৰ্ধসীমাৰ পৰা আধাৰৰ বিৱৰণলৈকে কেইবাটাও বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল।অনলাইনত নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ যি উৰ্ধসীমা নিৰ্ধাৰণ কৰা আছিল সেয়া সলনি কৰিবলৈ লোকজনে তেলেংগানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু কলেজিয়েট শিক্ষা আয়ুক্তৰ কাষ চাপিছিল। নেচনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০২১ চনত বৃত্তিমূলক শাখাত ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে আৰু বৈদ্যুতিক অভিযান্ত্ৰিকৰ বাবে নামভৰ্তি কৰে। “মই এখন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বিএছচি পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সিদ্ধান্ত লৈছিলো। মোৰ সহপাঠী, শিক্ষক আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলে মোক উৎসাহিত কৰিছিল,” য়েৰুকুলাই কয়। উল্লেখ্য চলিত বৰ্ষতে ৭৫ বছৰীয়া কে নাগ চেট্টীয়েও দিলসুখনগৰৰ নবেল ডিগ্ৰী মহাবিদ্যালয়ত বি.এ. পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছে।

Leave A Reply