Namkhla । নামখলাত অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী আখৰা শিবিৰ মুকলি

২৩ জানুৱাৰী,২০২৫ঃ Namkhla । লোক – নৃত্য আৰু লোক -বাদ্যৰ দল ‘অগ্নিশিখা’ৰ দশম বৰ্ষৰ আখৰা শিবিৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক গোষ্ঠীটোৱে আজি দৰং জিলাৰ দহ গৰাকী বিশিষ্ট শিল্পীক সাধনা সন্মান প্ৰদান কৰিছে। এই সন্মানৰ লগত উদ্যোগতাই গামোচা, জাপি, মানপত্ৰ প্ৰদান কৰে ৷

ৰাজ্যখনৰ আগশাৰীৰ বাঁহী বাদক প্ৰসন্ন বৰুৱাই অগ্নিশিখা’ সন্মান গ্ৰহন কৰি জীৱনত সফল বাহী বাদক কেনেকৈ হ’ল তাক ভাষনত উল্লেখ কৰে ৷ এই অনুষ্ঠানতে লোক সংস্কৃতিৰ সাধক ভেৰুৱাৰ দেবেন ডেকা আৰু সুকনান্নী ওজাৰ জ্যেষ্ঠ পালি ওদালগুৰি জিলাৰ বাঁহমোল্লাৰ শৰৎচন্দ্ৰ চহৰীয়াক সম্বৰ্ধনা জনোৱা লগতে যশস্বী নাগাৰা নামৰ পাঠক ছিপাঝাৰৰ মৰমী শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া নৃত্যৰ শিল্পী মংগলদৈৰ কুশল ডেকা,বেনপাৰ্টি দলৰ স্বনামধন্য মহিলা বাদ্য শিল্পী ওদালগুৰিৰ মিছাহাটখলাৰ উপমা ডেকা, বিশিষ্ট কণ্ঠশিল্পী দৰং জিলাৰ হুছেইন চুবুৰীৰ অংকুৰ দাস,নৱ প্ৰজন্মৰ ব্যাসৰ ওজাৰ ওজাপালি সেনাপতিপাৰাৰ জয়ন্ত নাথ, পৰম্পৰাগত বড়ো নৃত্যৰ প্ৰশিক্ষক খৈৰাবাৰীৰ মনেশ্বৰ বসুমতাৰী আৰু প্ৰতিভাৱান কণ্ঠশিল্পী ওদালগুৰিৰ বাঁহমোল্লাৰ বেদী শ্ৰীকাশ্যপক ৰাজহুৱা ভাৱে সন্মান প্ৰদান কৰে । দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি অতুল বৰুৱাই সঞ্চালন কৰা মুকলি আৰু সম্বৰ্ধনা সভা খনত নিৰ্দিষ্ট বক্তা হিচাপে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু বিশিষ্ট নিবন্ধকাৰ ভাৰতীয় তেল নিগমৰ অইল ‘শিক্ষা ৰত্ন’ বঁটা প্ৰাপ্ত শিক্ষক চন্দ্ৰ চহৰীয়া উপস্থিত থাকে। সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কানন চহৰীয়াই উদ্বোধন কৰা সভাত সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক সাহিত্যিক ছেল্ফ্ মেড্ ৰাণী বড়ো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

পুৱা মাঙ্গলিক কাৰ্যসূচীৰ পূৰ্বে আখৰা শিবিৰ আনুষ্ঠানিক ভাৱে ৰঙা ফিটা কাটি উন্মোচন কৰে খৈৰাবাৰী টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক হৰি চন্দ্ৰ শৰ্মাই।

Related Articles