“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য । AGP

“দলটো পৈতৃক সম্পত্তি নহয়, শৃংখলা ৰক্ষা কৰাটো প্ৰয়োজন” – অগপ সভাপতি অতুল বৰাৰ মন্তব্য ( AGP )
বিদ্ৰোহৰ উকমুকনিৰ মাজত দিল্লীত অতুল বৰাৰ স্পষ্ট বক্তব্য, বিজেপিৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰাৰ আহ্বান

নতুন দিল্লী, ২৩ জুলাইঃ
অসম গণ পৰিষদ (অগপ)ত দেখা দিয়া অন্তর্দ্বন্দ্ব আৰু বিদ্ৰোহৰ উকমুকনিৰ মাজতে দিল্লীত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে দলটোৰ সভাপতি তথা ৰাজ্যিক মন্ত্ৰী অতুল বৰায়ে। সাংবাদিকৰ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “নিৰ্বাচনলৈ এতিয়াও যথেষ্ট সময় আছে। আমি উজনি অসমৰ বিভিন্ন জিলালৈ গৈছো আৰু দলৰ কৰ্মীসকলৰ লগত মত-বিনিময় কৰিছো। বাকী শেহতীয়াকৈ দুই-এদিনত কি হৈছে মই সঠিকে খবৰ ৰখা নাই।”

মিত্ৰতাৰ ধৰ্ম পালনৰ আহ্বান
বিজেপিৰ সৈতে মিত্ৰতাৰ বিষয়ে মন্তব্য কৰোঁতে অতুল বৰা কয়, “আমি বিচাৰো যে মিত্ৰতাৰ ধৰ্ম সকলোৱে পালন কৰা উচিত। বিজেপিয়েও পালন কৰিব লাগে, আমিও পালন কৰিছো। ঠাইবিশেষে কিছু ঘটনা-পৰিঘটনা হ’ব পাৰে, কিন্তু দলটোৰ শৃংখলা ৰক্ষা কৰাটো প্ৰথম। যোৱা ১১ বছৰত মই কাৰো লগত আপোচ কৰা নাই।”

দলৰ বিদ্ৰোহৰ প্ৰতি দৃষ্টিভংগী
অতুল বৰাই দলৰ শৃংখলা আৰু গঠনতান্ত্ৰিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়,
“দলটো কাৰো পৈতৃক সম্পত্তি নহয়। তৃণমূলৰ আবেগক আমি সন্মান কৰো। কেতিয়াবা নোপোৱাৰ বেদনা থাকে, কেতিয়াবা ডাঙৰ নেতাও আঁতৰি যায়, কিন্তু দলটো ৰাইজৰ তেজেৰে গঢ়া সংগঠন। মই নিজেও নাভাবো যে অগপ কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে।”

তেওঁ লগতে কয়, “দলটোক শৃংখলাবদ্ধ কৰি ৰখাৰ বাবে যিমান কঠোৰ হ’ব লাগে, আমি সিমান কঠোৰ হ’ম। কাৰোবাৰ উচটনিত যোৱাটোও ঠিক নহয়।”

কৃষি সংকটৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনা
সাম্প্ৰতিক বানপানী আৰু খৰাং সদৃশ পৰিৱেশ সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ বিষয়ে অতুল বৰাই জনায়, “অসম চৰকাৰৰ জ্যেষ্ঠ কৃষি বিষয়াসকলৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভাগীয় বিষয়াৰ সৈতে ব্যাপক আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে যি সমস্যাসমূহ উল্লেখ কৰিছে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱা হৈছে।” তেওঁ আশা প্ৰকাশ কৰে যে অসমৰ কৃষিসংক্রান্ত সমস্যাসমূহৰ সদ্য সমাধান হ’ব।

বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ
অগপ নেতৃত্ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে দিল্লীত এক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত অতুল বৰাৰ সৈতে অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, আৰু লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত আছিল।

এই সাক্ষাৎ সন্দৰ্ভত অতুল বৰাই কয়, “অসম গণ পৰিষদে এনডিএ মিত্ৰশক্তিৰ দীৰ্ঘদিনীয়া অংশীদাৰ হিচাপে অসমৰ উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত সদায় আগভাগত আছে।”

দলৰ ভিতৰত অন্তঃকলহৰ মাজতো অতুল বৰাৰ এই মন্তব্যই দলটোক স্থিতিশীলতা আৰু শৃংখলাৰ পথত আগবাঢ়িবলৈ স্পষ্ট সংকেত প্ৰদান কৰিছে বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত।

Related Articles