AGP: মিত্ৰতাক লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাইঃ অতুল বৰা

মিত্ৰতাক (AGP) লৈ এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই৷ অসম গণ পৰিষদৰ স্হিতি থকা সমষ্টিত দলটোৱে বিচাৰিব প্ৰাৰ্থীত্ব৷ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা বিচৰা নাই অসম গণ পৰিষদে৷ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাই ক্ষতি কৰিব পাৰে NDA ক৷

তেজপুৰত এনেদৰে উল্লেখ কৰিলে মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই৷ আগন্তুক ২০২৬ ৰ নিৰ্বাচনত তেজপুৰ সমষ্টি কাৰ হাতলৈ যাব, তাকে লৈ শাসকীয় দল বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ ভিতৰে বাহিৰে চৰ্চা অব্যাহত থকাৰ মাজতে নিশা তেজপুৰত অসম গণ পৰিষদৰ কাৰ্যালয়ত উপস্হিত হৈ সভাপতি অতুল বৰাই এনেদৰে উল্লেখ কৰে৷ তেজপুৰ সমষ্টি অগপৰ দখলত থাকিব নে নাই সেয়া এতিয়াই ক’ব পৰা হোৱা নাই বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই নিজ দলৰ বিধায়ক থকা সমষ্টিত পুণৰবাৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত প্ৰদান কৰে৷৷

আগন্তুক নিৰ্বাচনত বিজেপিৰে বন্ধুত্বমূলক নিৰ্বাচনী প্ৰতিযোগিতাত অৱতীৰ্ণ নহয় অসম গণ পৰিষদ৷ অগপ দলৰ বিধায়ক থকা সমষ্টিত পুণৰবাৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ইংগিত কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ৷ আগন্তুক দিনত অসম গণ পৰিষদে কিমানখন আসন বিচাৰিব সেয়া এই মুহুৰ্তত সংখ্যাৰে ক’ব খোজা নাই কেশৱ মহন্তই৷ কিন্তু ২০১৬ আৰু ২০২১ ৰ দৰে আসন বিচাৰিব দলটোৱে৷ তেজপুৰ সমষ্টি বিজেপিক এৰি দিব নে অগপৰ দখলতে থাকিব সেয়া আগন্তুক আলোচনা কালতহে স্পষ্ট হ’ব৷

তেজপুৰত নিশা জিলা অগপ কাৰ্যালয়ত উপস্হিত হৈ দলীয় নেতা-কৰ্মীৰ স’তে মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এনেদৰে উল্লেখ কৰে দলটোৰ কাৰ্যকৰী সভাপতি অতুল বৰাই৷ জামুগুৰিত অনুষ্ঠিতব্য শংকৰ সংঘৰ অধিৱেশনলৈ বুলি অহা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়ো গৰাকী নিশা উপস্হিত হয় তেজপুৰ অগপ কাৰ্যালয়ত৷

জিলা সভাপতি ৰাতুল নাথ, অগপ দলৰ সম্পাদক প্ৰবীণ হাজৰিকা, বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে শতাধিক দলীয় কৰ্মীৰ উপস্হিতিত অনুষ্ঠিত বিশেষ দলীয় বৈঠকত উপস্হিত হয় দলটোৰ দুয়ো গৰাকী নেতা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত৷৷

Related Articles