AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

মিত্ৰদল বিজেপিৰ নিৰ্বাচিত (AGP) প্ৰতিনিধিসকলৰ অনুপস্থিতিৰেই মঙলবাৰে গঠন হ’ল বঙাইগাঁও জিলা পৰিষদ। ইয়াৰ বিপৰীতে উপস্থিত থাকিল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৷ সভাপতি নিৰ্বাচিত হ’ল অগপৰ মৃদুলা সিংহ ৷ প্ৰতিদ্বন্দ্বি নাছিল আন কোনো ৷ ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন ৷ অগপৰ মতে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দলৰ প্ৰাৰ্থী গৰাকী ৷ কাৰণ আন কোনেও কৰা নাছিল প্ৰতিদ্বন্দ্বিতা ৷ উপস্থিত সকলোৱে সেয়ে জনায় সমৰ্থন ৷ কিন্তু চাৰি গৰাকী সদস্য থকা অগপই বাৰ জনীয়া প্ৰতিনিধি থকা জিলা পৰিষদখন গঠন কৰিব পাৰে নে যদিহে কংগ্ৰেছৰ দুগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰতিনিধিয়ে সমৰ্থন আগনবঢ়ায় ? যি কি নহওক বিজেপিৰ অংক নিমিলাৰ সুযোগ গ্ৰহণ কৰি অগপই নিজৰ চাৰি গৰাকী সদস্য থকাৰ পিছতো গঠন কৰিলে জিলা পৰিষদখন ৷ কিন্তু লগে লগে প্ৰশ্নৰ উদ্ৰেগ ঘটিল বিজেপি – অগৰ মিত্ৰতাত ফাঁট মেলিল নেকি ? সেয়া স্পষ্ট হৈছেই ৷ চৰ্চা চলিছে বিজেপিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ কিন্তু সম্ভৱ হৈ নুঠাত অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাজতে আকৌ সভাপতি পদটোকলৈ টনা আজুৰা চলি আছিল ৷ এগৰাকী নৱনিৰ্বাচিত মহিলা প্ৰতিনিধিয়ে বিচাৰিছিল সভাপতি পদটো ৷ চেষ্টাও কৰিছিল ৷কিন্তু মহিলা প্ৰতিনিধি গৰাকীক সমৰ্থন নকৰে আকৌ কোনোবাই ৷ বৰং দাবীদাৰ আৰু আছে ৷ সেয়ে শেষত গৈ সকলো নিমিলা অংকত পৰিণত হ’ল ৷

অৱশ্যে বিজেপি দলৰ পৰা উপ সভাপতি হোৱাটে খাটাং ৷ কাৰণ অনুসূচিত জাতিৰ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদটো ৷ উল্লেখ্য যে মঙলবাৰে বঙাইগাঁও জিলা পৰিষদ গঠনৰ বাবে জিলা আয়ুক্তৰ তৰফৰ পৰা ধাৰ্য কৰি দিয়া হৈছিল দিন ৷ সেই অনুসৰি মঙলবাৰে জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য – সদস্যাসকলৰ প্ৰথম বৈঠক আয়োজন কৰা হয় ৷ বৰপাৰাস্থিত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকলৈ অগপ দলৰ নিৰ্বাচিত চাৰি গৰাকী প্ৰতিনিধি, কংগ্ৰেছ দলৰ দুজন ( এজন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগ দিছে) প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উপস্থিত হয় যদিও বিজেপি দলৰ চাৰি গৰাকী আৰু আন এগৰাকী নিৰ্দলীয় প্ৰতিনিধি উপস্থিত নহ’ল ৷ মিত্ৰদল অগপই বিজেপি দলৰ প্ৰতিনিধিসকল আহিব বুলি অপেক্ষা কৰি থাকে যদিও কাৰো সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ’ল ৷ দিনৰ বাৰ বজাৰ পৰা ১ বজালৈ ধাৰ্য কৰি দিয়া সময় উকলি যোৱাৰ পিছত বাকী পাঁচ গৰাকী প্ৰতিনিধি উপস্থিত নোহোৱাত উপস্থিত থকা সাত গৰাকী প্ৰতিনিধিৰেই আৰম্ভ হয় বৈঠকৰ কাৰ্যসূচী ৷ বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অগপ দলৰ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি শশীভূষণ মেধিয়ে অগপ দলৰ ঢালিগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মৃদুলা সিংহৰ নামটো সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু দলটোৰ চক্ৰভৌম জিলা পৰিষদ সমষ্টিৰ প্ৰতিনিধি জানকী বালা ৰায়ে সমৰ্থন আগবঢায় ৷ এই প্ৰস্তাৱত কংগ্ৰেছ দলৰ আফশানা পাৰবিন আৰু শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা কেৰামত আলীৰ লগতে নিৰ্দলীয় ৰমেজ উদ্দিনেও নৈতিক সমৰ্থন আগবঢ়ায় ৷

ফলত অগপই গঠন কৰে জিলা পৰিষদখন ৷ ইপিনে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত হোৱাত বাকীসকল উপস্থিত নথকাত গঠন কৰিব পৰা নগ’ল ৷ অনুষ্ঠানত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাৰ লগতে বিভাগীয় অন্যান্য বিষয়া, দলৰ কিছু সংখ্যক লোক উপস্থিত থাকে ৷ ইপিনে জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে পাঁচ আগষ্টত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য- সদস্যাসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ প্ৰথম বৈঠকত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ বৈঠকত জিলা পৰিষদৰ সভাপতি হিচাপে মৃদুলা সিংহ নিৰ্বাচিত হৈছে ৷ আনহাতে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বৈঠকত যিসকল নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য – সদস্যাসকল উপস্থিত আছিল তেওঁলোকৰ মাজত অনুসূচিত জাতিৰ কোনো মহিলাৰ সদস্য নাছিল ৷ সেইবাবে উপ সভাপতিৰ পদটোৰ বাবে কোনো প্ৰাৰ্থী নিৰ্বাচিত নহ’ল ৷ পিছত জিলা আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া দিনত নিৰ্বাচিত কৰা হ’ব ৷ তেওঁ কয় যে বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য – সদস্যাৰ মুঠ সংখ্যা ১২ গৰাকী ৷ কিন্তু বাৰ গৰাকীৰ ভিতৰত বৈঠকত সাত গৰাকী উপস্থিত আছিল ৷ যি গৰাকী সভাপতি নিৰ্বাচিত হৈছে তেওঁ বৈঠকত উপস্থিত থকা সকলোকেইগৰাকী সদস্য – সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ লগতে এগৰাকী নিৰ্দলীয় সদস্যাও উপস্থিত নাছিল ৷ আনহাতে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে কয় যে ভাল লাগিছে, নিজকে আমি শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত ৷ যিহেতু আমি অগপ দলে কাম কৰিব পাৰিছোঁ, তেনে সুবাদতে বাকী দলেও আমাক সমৰ্থন জনাইছে ৷ তেওঁলোকে নিশ্চয় ভাবিছে যে আমি কাম কৰিব পাৰিম ৷ বিজেপি দলক সোমবাৰে ফোন কৰা হৈছিল ৷ তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ বিশেষ নাজানিলো ৷ কিয় উপস্থিত নাথাকিল ৷ কিন্তু যিহেতু যোগাযোগ নাই হোৱা, সেয়ে আমাৰ পৰাই জিলা পৰিষদ গঠন হৈ গ’ল ৷

এতিয়ালৈকে দুই দলৰ মাজত জিলা পৰ্যায়ত কোনো খিলিমেলি নাই হোৱা ৷ জিলা পৰিষদ গঠন হলহে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব ৷ প্ৰথমটো দিনত মিত্ৰদলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত নথকাত অলপ বেয়া লগা বুলি কৈ থাকিলে ভাল লাগে বুলিও কয় ৷ আমি যিহেতু মিত্ৰ দল ,সেয়ে আমাৰ লগত থাকিলে নিশ্চয় ভাল লাগিলহেঁতেন ৷ কিন্তু হয়তো কিবা অসুবিধা থাকিব পাৰে, সেয়ে আহিব পৰা নাই ৷ আনহাতে বিজেপি দলে সভাপতিৰ পদ বিচাৰিছিল নেকি বুলি সোধাত বিধায়িকা গৰাকীয়ে কয় যে আমি শুনা নাই ৷ তেওঁলোকে যদি কৈছিলো মই কিন্তু গম পোৱা নাই ৷ সেইদৰে নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি মৃদুলা সিংহই প্ৰথমতে অগপ দলৰ লগতে দলটোৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী তথা দলৰ সকলোকে ধন্যবাদ জনায় ৷ লগতে তেওঁক সভাপতি নিৰ্বাচিত হোৱাত সহযোগ তথা সমৰ্থন আগবঢ়োৱা আন দলকো ধ্যবাদ জনায় ৷ মিত্ৰ দলৰ চাৰি গৰাকী নিৰ্বাচিত সদস্য -সদস্যা উপস্থিত নথকা সন্দৰ্ভত কয় যে হয়তো তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ তেওঁ কোন কোন দলৰ পৰা সমৰ্থন লাভ কৰিছে বুলি সোধাত পোনচাতে কোনো দলৰ নাম নকৈ কয় যে সকলো দলৰ পৰাই সমৰ্থন পাইছোঁ ৷ তেওঁলোকৰ সমৰ্থনতে সভাপতি হ’বলৈ পাইছোঁ ৷ তেওঁলোকে হয়তো ভাবিছে যে এজন যিহেতু সভাপতিৰ আসনত বহিব লাগে, সেয়ে আনসকলে চিন্তা – চৰ্চা কৰিয়ে সমৰ্থন জনালে ৷ গতিকে বাকীসকলেও নিজা চিন্তা- চৰ্চাৰে সমৰ্থন কৰিলে ৷ আনহাতে অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ অনুপস্থিতিত অগপই জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশ্নৰ উত্তৰটো মই দিব নোৱাৰিম ৷ কাৰণ আমি বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ ৷ এতিয়া বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ অগপ দলৰ সাধাৰণ সম্পাদক ৷ মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলো আৰু মই কোৱাৰ পিছত বিজেপি দলৰ জিলা সভাপতিক কেইবাবাৰো ফোন কৰি সাক্ষাৎ কৰাৰ বাবে সময় লৈছিল যদিও তেওঁলোকৰ অসুবিধা বুলিয়ে ক’ব লাগিব লগ কৰিব নোৱাৰিলে ৷ আনকি ভূপেন ৰায়ে অভয়াপুৰীৰ আৱৰ্ত ভৱনত জিলা বিজেপিৰ সভাপতিৰ বাবে ৰুটি আদি অৰ্ডাৰ দি বহি আছিল ৷ তাৰ পিছত জিলা বিজেপিৰ সভাপতিলৈ ফোন কৰাত সভাপতি গৰাকীয়ে গুৱাহাটীলৈ যাব বুলি কৈ ঘুৰি আহি কথা পাতিব বুলি কয় ৷ কিন্তু গুৱাহাটীৰ পৰা আহিও কথা নাপাতিলে ৷ সোমবাৰেও ভূপেন ৰায়ে সন্ধিয়া জিলা বিজেপিৰ সভাপতি গৰাকীক দুবাৰ ফোন কৰিছিল ৷ কিন্তু তেওঁ ফোন নধৰিলে ৷ বিজেপিয়ে সভাপতি পদটো বিচাৰিছিল নেকি বুলি সাংসদ গৰাকীক সোধাত কয় যে আমি আলোচনা কৰিব বিচাৰিছিলো ৷ আমাৰ যিহেতু চাৰি গৰাকীকৈ সদস্য আছে, সেয়ে কি কৰা যায় ৷

কিন্তু তেওঁলোকে আমাৰ লগত আলোচনাত মিলিতই নহ’ল ৷ গতিকে সভাপতি বিচাৰিব আৰু বিচৰাতো স্বাভাৱিক কথা ৷ কিন্তু আলোচনাত মিলিতই নহ’ল ৷ ইপিনে মঙলবাৰে যিহেতু প্ৰথম বৈঠকৰ দিন ধাৰ্য কৰিছে, সেয়ে প্ৰথম সভাখনত আমাৰ অগপ দলৰ চাৰিজন গৈছে ৷ আৰু বাকী তিনিজন গৈছে ৷ বিজেপি দলৰ চাৰিজনেই অনুপস্থিত আছিল আৰু এগৰাকী নিৰ্দলীয় সদস্য বঙাইগাঁওলৈ আহিও পুনৰ উভতি গৈছে ৷ মিত্ৰ দলৰ মাজত কোনো খেলিমেলি নহয় ৷ মিত্ৰতা আমাৰ ৰাজ্যিক ভিত্তিত হৈছে বা কেন্দ্ৰ ভিত্তিত হৈছে ৷ এইটো এটা সৰু কথা ৷ জিলা পৰিষদৰ সভাপতিলৈহে ৷ তেওঁলোকে হয়তো বিচাৰিছিল বা আশা কৰিছিল, কিন্তু তেওঁলোকৰ ভুল হ’ল আমাৰ লগত আলোচনা কৰিব লাগিছিল ৷ নকৰিলে ৷ আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলেই আমি কি ক’ব বিচাৰিছিলো, কি বিচাৰিছিলো ৷ সেইদৰে অগপই কংগ্ৰেছক সমালোচনা কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈ জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত কয় যে সভাপতি নিৰ্বাচনৰ বাবে কোনো ভোটেই হোৱা নাই ৷ ভোট হলে আমাৰ পৰা নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেতেন ৷ ভোটেই হোৱা নাই ৷ তেওঁলোকে প্ৰাৰ্থী দিলে ভোট হ’লহেতেন ৷ আমি চাৰিজন আছো আৰু তেওঁলোক তিনিজন আছে ৷ তেওঁলোকে কেনেকৈ প্ৰাৰ্থী দিব ? কংগ্ৰেছে সমৰ্থন জনোৱাৰ কথাটো ইয়াত অহা নাই ৷ তেওঁ কয় যে অগপৰ চাৰিজন আছিল, দুগৰাকী নিৰ্দলীয় আৰু এজন কংগ্ৰেছৰ আছিল ৷

কংগ্ৰেছৰ দুজন নহয় এজনহে বুলিও কয় ৷ ইপিনে আবেলি বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত বিজয় সভা অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সভাপতি তথা দলৰ আন জিলা পৰিষদৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে অগপ কাৰ্যালয়ত এখন সংবাদ মেলৰো আয়োজন কৰে দলৰ পৰা ৷ সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তব্য ৰাখে ৷ সংবাদ মেলত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলাৰ নেতৃত্ব উপস্থিত থাকে ৷

Related Articles