Breaking

সমাগত লোকসভা নিৰ্বাচনত বৰপেটা দখলৰ বাবে তৎপৰ হৈ পৰিছে অগপ

0 100

আজি বৰপেটাত ৫ সহস্ৰাধিক কৰ্মীক লৈ দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি অগপই প্ৰদৰ্শন কৰিলে শক্তি।

বৰপেটাৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত আজিৰ দলীয় কৰ্মীসভাত অগপ সভাপতি অতুল বৰাৰ ঘোষণা –

• লোকসভাত আমি আমাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম।
• সেই লক্ষ্য লৈ আমি কাম কৰিছো।
• দললৈ নতুন তেজৰ আমদানি হৈছে।
• শীপাত সাৰ-পানি দিবলৈ দলীয় কৰ্মীক আহ্বান।
• সমষ্টিৰ পুননিৰ্ধাৰণৰ পিছতহে অগপই কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।
• আমি সকলো সমষ্টিতে সমভাৱে সাংগঠনিক কাম-কাজ চলাই আছো।

মহাজোটত সন্দৰ্ভত অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় –
• ক’ত কিহৰ মহাজোট?
• মহাজোটৰ অংশীদাৰ দলসমূহ কংগ্ৰেছেই সৃষ্টি কৰা দল।
• অগপক গালি পাৰি সেই দলবোৰৰ জন্ম হৈছে।
• মহাজোটত কেৱল দলকেইটাহে থাকিব, কিন্তু মানুহ নাথাকিব।
• মানুহ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোট ৰ লগত আছে।

সদ্য ঘোষিত কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ অতুল বৰাৰ মন্তব্য –
• কোনোবাখন ৰাজ্যত ক্ষমতালৈ আহিলেই কেন্দ্ৰতো চৰকাৰ সলনি হ’ব বুলি কোনো ৰাজনৈতিকভাৱে সচেতন লোকে চিন্তা নকৰে।

৫ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত বৰপেটাত আজি অনুষ্ঠিত এই দলীয় সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলা কলিতা, কুমাৰ দীপক দাস, সত্যব্ৰত কলিতা, ডাঃ তাৰাপ্ৰসাদ দাস, ভুপেন ৰায়, গুনীন্দ্ৰ নাথ দাস, ড° তপন দাস প্ৰমুখ্যে কেন্দ্ৰীয় কেবাগৰাকীও শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।

অগপৰ আজিৰ এই কৰ্মীসভাই স্বাভাৱিকতে এক তাৎপৰ্য বহন কৰিছে।

একপ্ৰকাৰ অগপই স্পষ্ট কৰিছে সমাগত লোকসভা নিৰ্বাচনত বৰপেটাত সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা।

Leave A Reply