নগাঁৱত অনুষ্ঠিত হয় অগপৰ তিনিখন জিলাৰ এখন পৰ্যালোচনা সভা । নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপৰ নগাঁও , মৰিগাঁও , হোজাই জিলা সমিতিৰ অধীনৰ ৯ টা বিধান পৰিষদ সমষ্টি ক্ৰমে নগাঁও সদৰ , বঢ়মপুৰ , ৰহা , লাহৰিঘাট , মৰিগাঁও জাগীৰোড , যমুনামূখ , হোজাই আৰু লামডিং বিধান পৰিষদ সমষ্টিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি কেইবাজনো নেতা কৰ্মীয়ে নগাঁও সদৰ সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিক বিজেপিক এৰি দিয়াত ক্ষোভ প্ৰকাশ কৰে। সভাত ভাষন প্ৰদান কৰি অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে- ‘অগপইহে আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিব পাৰিব ।ইপিনে অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধব মহন্তই কয় যে অগপ দলৰ বৰ্তমান স্থিতি শক্তিশালী, দলটোৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আজি পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছে। বিগত বিধানসভা নিৰ্বাচনত আঞ্চলিক দল হিচাপে অগপ দলে ভাল ফলাফল প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছে।সভাত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান পৰিষদ সমষ্টিত দলৰ ভাতৃ- ভগ্নী,যুৱ সংগঠনকে ধৰি তৃণমূল পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অগপৰ উপ সভাপতি বিষ্ণু দাস , কেন্দ্ৰীয় সমিতিৰ নেতা অতুল কুমাৰ মেধি , পদ্ম গোস্বামী , খলিছ উদ্দিন আহমেদ , আবু বক্কৰ ছিদ্দিক , মামনি বৰাৰ আদি উপস্থিত থাকে ।

