Breaking

অগপৰ ৰাজ্যিক সম্পাদক দিলীপ কুমাৰ দাসে কৰিলে নলবাৰী মৈৰাদঙ্গাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ-উদ্বোধন

0 82

নলবাৰী চহৰৰ নিচেই সমীপতে থকা মৈৰাদঙ্গাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০১৪ চনতে আৰম্ভ কৰা মৈৰাদঙ্গাৰ সেৱাৰ থলী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নৱ নিৰ্মিত ভৱনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷

ভৱন নিৰ্মানৰ সময়ত আধাৰশিলা স্থাপন কৰা বিশিষ্ট সমাজ কৰ্মী,যুৱ নেতা দিলীপ কুমাৰ দাসেই উক্ত নৱ নিৰ্মিত ভৱনৰ মুখ্য দ্বাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক হিচাপে উন্মোচন কৰে৷ লগতে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হৈ উপস্থিত থকা প্ৰসেনজিৎ  চৌধুৰী৷ ভৱনৰ দ্বাৰ উন্মোচনৰ পূৰ্বে মৈৰাদঙ্গা গাওবাসী ৰাইজে যুৱ নেতা দিলীপ কুমাৰ দাসক বিপুল আদৰণী জনাই৷

মন্দিৰৰ ভৱনৰ দ্বাৰ উন্মোচনী ভাষণত যুৱ নেতা দিলীপ কুমাৰ দাসে প্ৰথমে ভগবান শ্ৰী বিষ্ণুক সেৱা জনাই আৰু সকলোৰে শান্তি-সমৃদ্ধি-একতাৰ কামনা কৰে।

লগতে এনেকুৱা সভা-সমিতি-অনুষ্ঠান সমূহে যে অসমীয়া সংস্কৃতি ৰক্ষাত অৰিহনা যোগাই আহিছে সেই বিষয়েও অৱগত কৰাই আৰু অনুষ্ঠানৰ উদ্যোক্তা সকলক তেওঁলোকে সনাতনী সভত্যা-সংস্কৃতি ৰক্ষা কৰি সমাজত একতা, ভাতৃত্ববোধ বৰ্তাই ৰখাত অৰিহনা যোগাইছে বুলি ধন্যবাদ জনাই। ইয়াৰ পিছত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হৈ সন্ধিয়া নাম প্ৰসংগ অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Leave A Reply