অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ তত্বাৱধানত আজি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪, মৰিগাঁও গোটৰ স্নাতক শাখাৰ চতুৰ্থ বাৰ্ষিকীৰ ছাত্ৰ- ছাত্ৰীসকলে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰ চৌহদত এখন প্ৰদৰ্শনীমূলক কৃষি মেলাৰ আয়োজন কৰে।

উক্ত কৃষি মেলাত চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তি বিদ্যা বিভাগ, ভূমি বিজ্ঞান বিভাগ, শস্য বিজ্ঞান বিভাগ, পতংগ তত্ব বিভাগ , পশুপালন বিভাগ আদিকে ধৰি ১০ টা বিভাগৰ বিভিন্ন মডেল, প্ৰচাৰ পত্ৰিকা , বেনাৰ আদিৰ প্ৰদৰ্শন কৰা হয়। কৃষি প্ৰদৰ্শনী মেলাখনৰ মুখ্য আকৰ্ষণ আছিল “সমন্বিত কৃষি পাম” পদ্ধতিৰ আৰ্হি এটা।

কৃষিৰ প্ৰদৰ্শনীৰ লগত সামঞ্জস্য ৰাখি আয়োজন কৰা এই মেলাত অসম কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠক সহিতে কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ সুপ্ৰিয়া সোণোৱাল, পৰিস্মিতা দাস , কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁওৰ বিষয়বস্তু বিশেষজ্ঞা সুকন্য গগৈ আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ফণীভূষণ নাথ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।ইয়াৰ লগতে সভাখনৰ আদৰণি ভাষণ আগবঢ়াই মৰিগাঁও গোটৰ নিৰীক্ষক ডঃ সুপ্ৰিয়া সোণোৱালে। এই সভাতেই প্ৰিয়ম হাজৰিকা আৰু বনজিত বৈশ্যৰ দ্বাৰা সম্পাদিত মৰিগাঁও গোটৰ স্মৰণিকা “নৱাৰুণ” উন্মোচন কৰে বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠকে । কৃষিৰ লগত সংগতি ৰাখি এই সভাত এখন আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সভাখনত আঁত ধৰে মৰিগাঁও গোটৰ ছাত্ৰী চাইবা চিদ্দিকি আৰু মস্তাফা হুছেইনে।
