Breaking

এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…

0 25

স্বৰাজোত্তৰ পয়সত্তৰটা বছৰৰ পাছতো বিভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ আহিছে ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চমকঙ অঞ্চল। বৃটিছৰ দিনৰে পৰা জনবসতিপূৰ্ণ ঐতিহাসিক চমকঙ অঞ্চলৰ যাতায়ত, কৃষি, স্বাস্থ্য, জলসিঞ্চন, পশুচিকিৎসা আদি এশএবুৰি সমস্যাৰ আজিও আশু সমাধান হৈ নুঠিল। চমকং অঞ্চলৰ যাতায়ত ব্যৱস্থা আজিও সুচল নহয়। চিমেন চাপৰি কলেজ তিনিআলিৰ পৰা চমকং হৈ চেঙাজান ফেৰীঘাট সংযোগী পিএমজিএছৱাই পথত সংযোগ হোৱা প্ৰায়বোৰ পথেই জৰাজীৰ্ণ।আনহাতে পথবোৰত থকা নলা-নৈৰ ওপৰত দলং,কালভাৰ্ট নিৰ্মাণ নোহোৱাত চমকঙবাসী ৰাইজে বছৰ বছৰ ধৰি দুৰ্বিষহভাৱে যাতায়ত কৰি আহিছে।চমকং বজাৰৰ পৰা বৰুৱাবালি সংযোগী পথৰ মৰা চিমেন নৈৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বাৰিষাৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী, সৰ্বসাধাৰণ পথটোৰে ৰাইজে কষ্টকৰ যাতায়ত কৰিব লগা হৈ আহিছে দীৰ্ঘ বছৰ ধৰি।

চমকং বড়ো গাঁৱৰ পৰা ব্ৰহ্মপুৰ তিনিআলি সংযোগী পথছোৱা আজিও অতি শোচনীয়।পথছোৱা বাৰিষা খৰালি সকলো সময়তে জৰ্জৰিত হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ যাতায়তৰ বাবে অনুপযোগী হৈ আহিছে। চিমেন চাপৰি চমকং সংযোগী পিএমজিএছৱাই পথৰ পৰা ১ নং বেজগুৰী হৈ ২ নং বেজগুৰী সংযোগী পথ,থাইগিৰগুৰীৰ পৰা চমকং বড়ো হৈ ডামবুক সংযোগী পথ, লকলুং গাঁৱৰ পৰা ২ নং টাদুনীয়া সংযোগী পথ,চমকং চেঙাজান ফেৰীঘাট সংযোগী পিএমজিএছৱাই পথৰ পৰা ব্ৰহ্মপুৰ,বিঞ্চুপুৰ,বিলপাৰ,মাজগাঁও হৈ ৰামনলা সংযোগী পথ,মটং তিনিআলিৰ পৰা ব্যাশবাৰী,লামাজান মিচিং গাওঁ হৈ নিলখীয়া সংযোগী পথ,ডিমৰুগুৰী মিচিং গাঁৱৰ পৰা লামাজান বৃহস্পতি বজাৰ সংযোগী পথ,চিলিমপুৰ তিনিআলিৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ,নাৰায়ণপুৰ ৰাভা তিনিআলিৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ, কাজিৰঙাৰ পৰা নাৰায়ণপুৰ হাজং গাঁৱৰ হৈ চিলিমপুৰ সংযোগী পথ,সোনাপুৰ বড়ো গাঁৱৰ পৰা কাজিৰঙা সংযোগী পথ কেইটা আজিও পকীকৰণ হোৱা নাই আৰু পথসমূহৰ মাজত থকা নলা,নৈ,জানজুৰিৰ

ওপৰত নিৰ্মাণ হোৱা নাই কোনো দলঙৰ ব্যৱস্থা।যাৰফলত বছৰৰ সৰহভাগ সময়তে চমকঙৰ গ্ৰাম্যঞ্চলৰ ৰাইজে কষ্টকৰ যাতায়ত কৰিবলগীয়া হৈ আহিছে। অতি পুৰণি অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ চমকঙ অঞ্চলত দুখন স্বাস্থ্য উপকেন্দ্ৰ থকাৰ বাহিৰে আন কোনো চিকিৎসালয় প্ৰতিষ্ঠা নোহোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে।উল্লেখযোগ্য যে কৃষি জীৱিকাৰ ওপৰতে নিৰ্ভৰশীল চমকঙৰ খেতিপথাৰত কোনো জলসিঞ্চনৰ আঁচনি আজিকোপতি চৰকাৰে হাতত লোৱা নাই। আজিও চমকঙৰ কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকৰ্ম কৰি আহিব লগা হৈছে।আনহাতে কৃষিজীৱী ৰাইজে পশুপালন কৰি আয় উপাৰ্জনৰ দ্বাৰা পৰিয়াল পোহপাল দি অহা চমকঙত বৰ্তমানলৈকে পশুচিকিৎসা বিভাগৰ কোনো প্ৰতিষ্ঠান প্ৰতিষ্ঠা হোৱা নাই।যাৰফলত গৰু,গাহৰি,ছাগলী, হাঁহ, কুকুৰা আদি পশুধন পালনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে কৃষক ৰাইজে।এনেবোৰ এশএবুৰি সমস্যাৰে জৰ্জৰিত চমকঙৰ জলন্ত সমস্যাৰ আশু সমাধান কৰি অঞ্চলৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ অঞ্চলবাসী গঞা ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰলৈ দাবী জনাইছে।

Leave A Reply