চিলাপথাৰত কৃষি তথ্য কেন্দ্ৰ উদ্বোধন

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা ছমহীয়া পাঠ্যক্রমৰ অন্তৰ্ভুক্ত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ জৰিয়তে চিলাপথাৰলৈ অহা ৩৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোৰ নেতৃত্ব আৰু কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ সহযোগত জলকীয়াসুঁতি গাঁৱত এটি কৃষি তথ্য কেন্দ্ৰ বুধবাৰে উদ্ধোধন কৰা হয় । ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড৹ গুঞ্জন গগৈ, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ কেন্দ্ৰীয় উপদেষ্টা সমিতিৰ আহ্বায়ক ড৹কৌশিক দাস, নিৰীক্ষক দলৰ সদস্য ড°ভাৰত চন্দ্ৰ নাথ আৰু ড°মৰমী দত্ত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্র-ছাত্ৰী সকলৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি কৃষি দিশটোৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই । অঞ্চলটোৰ বহু গণ্যমাণ্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীত সমবেত সংগীত, দিব্যজ্যোতি মহন্ত আৰু কৃষ্ণা কলিতাৰ গীত পৰিৱেশন, থলুৱা জাতি-জনগোষ্ঠীৰ কলা কৃষ্টিৰে ‘এনাজৰী’ নৃত্যনাটিকা পৰিৱেশন কৰা হয়। উদিয়মান কৃষক ভূৱন পেগু , পূৰ্ণ সোণোৱাল, অতুল সোণোৱালৰ দ্বাৰা পষেকীয়া তথ্য পত্ৰিকা কৃষি বাৰ্তাৰ উন্মোচনৰ লগতে ‘পূবেৰুণ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে নিমন্ত্ৰিত অতিথি ড°কৌশিক দাসে।

অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই উদ্বোধন কৰা কৃষি তথ্য কেন্দ্ৰৰ এই কাৰ্যসূচীৰে জলকীয়াসুঁতি গাঁৱলৈ উৰ্চগিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ দলপতি বিতোপন দাসৰ কথা, ধীৰাজ কে নাথৰ সংগীত পৰিচালনা আৰু দিব্যজ্যোতি মহন্তই কণ্ঠদান কৰা এটি গীত ও অনুষ্ঠানত মুকলি কৰা হয়। গীতটোৰ ভিডিঅ’ প্ৰস্তুত কৰি উলিয়ায় সুজন প্ৰিয়ম বৰঠাকুৰ আৰু মঙ্গলম এছ ভাৰ্গবে । গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ নিৰীক্ষক মনোৰঞ্জন গগৈৰ শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে ।

Related Articles