আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত উত্তৰ-পূবৰ ২ যুৱতী । Ahmedabad Plane Crash

। Ahmedabad Plane Crash । আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ১৭৯জন লোকৰ মৃত্যু, উত্তৰ-পূবৰ ২ যুৱতীও আছিল ক্ৰু সদস্য । দেশজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰে। এয়াৰ ইণ্ডিয়াৰ AI 171 নম্বৰৰ বিমানখন আজিৰে দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰে। কিন্তু উৰণৰ কিছু সময়ৰ পাছতেই ই ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈ জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰে।

দুৰ্ঘটনাৰ মূল তথ্য:

  • বিমান নম্বৰ: AI 171
  • উৰণৰ সময়: ১.১০ বজাত (আহমেদাবাদ বিমানবন্দর)
  • গন্তব্য: লণ্ডন
  • মুঠ যাত্ৰী আৰু ক্ৰু: ২৪২জন
  • মৃত্যুৰ সংখ্যা: এতিয়ালৈকে নিশ্চিতভাৱে ১৭৯জন

উত্তৰ-পূবৰ দুগৰাকী ক্ৰু সদস্য:

এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মণিপুৰ ৰাজ্যৰ দুগৰাকী যুৱতী কেবিন ক্ৰু হিচাপে কৰ্মৰত আছিল। তেওঁলোক হ’ল:

  • লামনুনথিয়েম ছিংছন
  • গান্থৈ শর্মা কংব্রাইলাটপাম

তেওঁলোকৰ ভাগ্য কেনে হ’ল, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। উদ্ধাৰ অভিযান অব্যাহত থাকিলেও, বিপদৰ আশংকা প্রবল।

ঘটনাস্থলীত উদ্ধাৰ অভিযান:

  • অগ্নিনিৰ্বাপক বাহিনী: ৭খন বাহন ঘটনাস্থলীত উপস্থিত
  • আহতসকলক: স্থানীয় হাস্পতাললৈ প্ৰেৰণ
  • নিরাপত্তা ব্যৱস্থা: অঞ্চলটো ঘেৰাই ধৰা হৈছে, সকলো পথ বন্ধ

চৰকাৰী পদক্ষেপ:

ঘটনাটোক লৈ DGCA, এয়াৰ ইণ্ডিয়া, আৰু গুজৰাট চৰকাৰে যৌথ অনুসন্ধান আৰম্ভ কৰিছে। প্রধানমন্ত্রী আৰু নাগৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে শোক প্ৰকাশ কৰি উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিছে।

Related Articles