Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল! ৬ জুনৰ টিকট বাতিল কৰি ১২ তাৰিখৰ টিকট বুকিং কৰিছিল এই দম্পতীয়ে

এই প্ৰবাসী দম্পতীয়ে ৬ জুনৰ টিকট বাতিল কৰি(Ahmedabad Plane Crash) ১২ তাৰিখৰ টিকট বুকিং কৰিছিল। তেওঁলোক ৬ জুনত লণ্ডনলৈ উভতি যোৱাৰ কথা আছিল। সকলো ঠিকেই আছিল। কিন্তু মোনালি পেটেল আৰু তেওঁৰ স্বামী ছানী পেটেলে আৰু কেইটামান দিন পৰিয়ালৰ সৈতে কটাব বিচাৰিছিল। গতিকে তেওঁলোকে ১২ জুনত এয়াৰ ইণ্ডিয়া গেটৱিক অভিমুখী বিমানৰ টিকট বুকিং কৰিলে। পৰিয়ালৰ লোকে কয় যে তেওঁলোকক মৃত্যুৱে মাতিলে! এতিয়া আত্মীয়ই মোনালি আৰু ছানীৰ মৃতদেহ গ্ৰহণৰ বাবে অপেক্ষা কৰি দিন পাৰ কৰিছে।

আহমেদাবাদ-গেটৱিক অভিমুখী বিমানখনত ২৪২ জন লোক আছিল। মাত্ৰ এজনৰহে প্ৰাণ ৰক্ষাল পৰিল। বিধ্বস্ত হোৱা এ আই ১৭১ বিমানখনৰ ৩৩জন লোক গুজৰাটৰ আনন্দৰ আছিল। ইয়াৰে অধিকাংশই প্ৰবাসী ভাৰতীয়। এই আনন্দক গুজৰাটৰ ‘এন আৰ আই চহৰ’ বুলি কোৱা হয়। মোনালি আৰু ছানীয়ে বৃহস্পতিবাৰে সেই চহৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত উঠি নিজৰ আপোনজনক বিদায় দিছিল। কাজিন জিগনেশ পেটেলে কয় যে দুয়োজন বিগত দুমাহ ধৰি ভাৰতত আছিল। মোনালি চিকিৎসাৰ বাবে ইয়ালৈ আহিছিল। ছানিও পত্নীৰ সৈতে আহিল, ব্যৱসায় বন্ধ কৰি। ৬ জুনৰ বাবে টিকট বুকিং কৰিছিল যদিও পাৰিবাৰিক কাৰণত পিছুৱাই দিছিল। তেওঁলোকে এয়াৰ ইণ্ডিয়াৰ বিমানত ১২ তাৰিখৰ বাবে টিকট বুকিং কৰিছিল।

লণ্ডনলৈ উৰা মাৰোঁতে ঘটিল ভয়ংকৰ বিমান দুৰ্ঘটনাটো। মৃত্যুৱে যেন তেওঁলোকক মাতি আছিল। সেই ভয়ংকৰ বিমান দুৰ্ঘটানত আন লোকৰ সৈতেও তেওঁলোকেও প্ৰাণ হেৰুৱালে।

Related Articles