Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য

সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলোৱা এক বিমান দুৰ্ঘটনা।(Ahmedabad Plane Crash)বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬৫ জনলৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত ২৪১ গৰাকী হৈছে বিমান খনত থকা যাত্ৰী আৰু ক্ৰু মেম্বাৰ। শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলচন।

এয়াৰ ইণ্ডিয়াই শুকুৰবাৰে প্ৰকাশ কৰে যে ব’য়িং-৭৮৭-৮ এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰা সময়তে ১২ গৰাকী ক্ৰু সদস্যসহ ২৪২ গৰাকী লোকে যাত্ৰা কৰিছিল আৰু এজনক বাদ দি এই সকলোৱেই ঘাতক দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ।এই সন্দৰ্ভত সামাজিক মাধ্যম এক্সত এয়াৰ ইণ্ডিয়াই লিখে, “১২ বছৰীয়া ব’য়িং-৭৮৭-৮ বিমানখনে আহমেদাবাদৰ পৰা ১৩.৩৮ ঘণ্টাত উৰা মাৰিছিল । য’ত ২৩০ গৰাকী যাত্ৰী আৰু ১২ গৰাকী ক্ৰু সদস্য আছিল । বিমানখনে উৰা মৰাৰ লগে লগেই দুৰ্ঘটনাত পতিত হয় । আমি আপোনালোকক জনাবলৈ পাই দুঃখিত যে ২৪২ গৰাকীৰ যাত্ৰীৰ ভিতৰত ২৪১ গৰাকীৰ মৃত্যু হৈছে । একমাত্ৰ জীৱিত ব্যক্তিগৰাকীক হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।”


ইফালে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী টাটা গ্ৰুপে। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে টাটা গ্ৰুপে।
১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ২৩ ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্টুগাল নাগৰিক আৰু এগৰাকী কানাডাৰ নাগৰিক।

এইসকল যাত্ৰীক লৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰাৰ কেইমিনিটমান পিছতে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিকটৱৰ্তী চিকিৎসকৰ এটা হোষ্টেলৰ অট্টালিকাত খুন্দা মাৰি ধ্বংসপ্ৰাপ্ত হয়।

Related Articles