AICCৰ ‌সভাপতি পদৰ নিৰ্বাচন;সাজু ৰাজীৱ ভৱন, ১০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনক লৈ সাজু প্ৰদেশ কংগ্ৰেছ। পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ সাব্যস্ত হ’ব ভোটাধিকাৰ। অসমত মুঠ ২৮৯ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান। ভোট গণনা হ’ব ১৯ অক্টোবৰ অৰ্থাৎ বুধবাৰে। নতুন দিল্লীৰ মুখ্য কাৰ্যালয়কে ধৰি সমগ্ৰ দেশত মুঠ ৬৫টা ভোটকেন্দ্ৰ থাকিব। দেশৰ প্ৰায় ৯ হাজাৰ কংগ্ৰেছ সদস্যই আজি ভোটদান কৰিব।

অসমতো ভোটগ্ৰহণৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। সাজু কৰি তোলা হৈছে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন। ১০ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগ্ৰহণ।

আজি ৰাজীৱ ভৱনৰ ভিতৰত আন লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে। নিৰাপত্তাৰ দিশত গুৰুত্ব প্ৰদান কৰা হৈছে। বেলট পেপাৰযোগে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত বেলট বক্সসমূহ লৈ যোৱা হ’ব নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ। আৰু তাত সকলো বেলট পেপাৰ মিক্স কৰি দিয়া হ’ব যাতে কোন ৰাজ্যৰ পৰা কিমান ভোট আহিছে সেয়া জানিব পৰা নাযায়।

Related Articles