মাৰ্ঘেৰিটাত বীৰ ভাৰতীয় সৈনিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । AIKS & AIYF

৮ মে’২০২৫ — AIKS & AIYF । নিখিল ভাৰত কৃষক সভা (AIKS) ৰ অসম ৰাজ্যিক কমিটি আৰু নিখিল ভাৰত যুৱ ফেডাৰেচন (AIYF) ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত ভাৰত-পাকিস্তান কাশ্মীৰ সীমান্তত শ্বহীদ হোৱা ভাৰতীয় সেনাসকলৰ প্ৰতিশ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

এই উপলক্ষে এক ৰাজহুৱা অনুষ্ঠান আয়োজন কৰা হয়, য’ত সেনাৰ সাহস আৰু বলিদানক স্মৰণ কৰি স্থানীয় ৰাইজে গভীৰ শ্ৰদ্ধাৰে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ৭ মে’ নিশা ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ নামেৰে এক সফল সামৰিক অভিযান সম্পন্ন কৰিছিল। এই অভিযানৰ পাছতে পাকিস্তানৰ সেনাই সীমান্ত সংলগ্ন ভাৰতীয় আবাসিক অঞ্চলসমূহলৈ লক্ষ্য কৰি অপৰোচিতভাৱে গুলীচালনা কৰে, যাৰ ফলত কেইবাগৰাকী ভাৰতীয় সেনা শ্বহীদ হয়।

শ্বহীদসকলৰ ভিতৰত অসম সন্তান বীৰ লেন্স নায়ক দীনেশ কুমাৰ শৰ্মাও আছিল। তেওঁৰ অসীম সাহস আৰু বলিদানক স্মৰণ কৰি উপস্থিত সকলোৱে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

লিডুৰ তিনি আলি বাছ আস্থানত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু সংখ্যক স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানত AIKS ৰ অসম ৰাজ্যিক কমিটিৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলী উপস্থিত থাকি, অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক অভিনন্দন জনায়।

গাংগুলীয়ে এই সময়ত কেন্দ্ৰীয় চৰকাৰক পাকিস্তানৰ বিৰুদ্ধে আন্তৰ্জাতিক পৰ্যায়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে AIKS আৰু AIYF-ৰ তৰফৰ পৰা ভাৰতীয় সেনাক সমগ্ৰ সহযোগিতা আগবঢ়াব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

Related Articles