ডিজিটেল ডেস্ক, গুৱাহাটীঃ Aimee Baruah ৰাষ্ট্ৰীয় বঁটা বিজয়ী জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই শেহতীয়াকৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম কনভেনচন ২০২৫ত অংশগ্ৰহণ কৰে। এই প্ৰতিষ্ঠিত অনুষ্ঠান ৩ জুলাইৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হয়।
কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুলাই, শনিবাৰে আইমী বৰুৱাই চিকাগোৰ গ্ৰেণ্ড বলৰুমৰ মঞ্চত ‘ভূপেন হাজৰিকাৰ লিগেছী’ শীৰ্ষক এক চমু ভাষণ আগবঢ়ায়। ভাষণত তেওঁ সংগীত সম্ৰাট ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু সংগীতৰ অৱদানৰ বিশ্বজনীন প্ৰাসংগিকতা, শিল্পীগৰাকীৰ দৃষ্টিভংগী আৰু তেওঁৰ সৃষ্টিসমূহে কেনেদৰে বিশ্বব্যাপী বিভিন্ন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, সেই বিষয়ত গভীৰ আলোকপাত কৰে।
উল্লেখযোগ্যভাৱে, অভিনেত্ৰীগৰাকীয়ে সংযুক্তা ক্ৰিয়েচনৰ প্ৰতিনিধিত্বত অনুষ্ঠিত বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি ৰেম্পত খোজ কাঢ়ে। তেওঁৰ উপস্থিতিয়ে মঞ্চত অসমীয়াৰ পৰম্পৰা আৰু সমসাময়িকতাক একেলগে দাঙি ধৰে, যিয়ে উপস্থিত সকলৰ প্ৰশংসা অৰ্জন কৰে।
চিকাগোত অনুষ্ঠিত এই অসম কনভেনচনত আইমী বৰুৱাৰ অংশগ্ৰহণে অসমীয়াৰ সংস্কৃতি, চিন্তাধাৰা আৰু প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজাগৰ কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে।