১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’

অসমীয়া ছবি জগতলৈ আন এক সুখবৰ ৷ অসমৰ ডিমাচা জনগোষ্ঠীৰ ছবি চেমখৰৰ জৰিয়তে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৰাজ্যলৈ একাধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা-সন্মান কঢ়িয়াই অনাৰ পাছত এইবাৰ এখন তথ্যচিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

১৭সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱত আইমী বৰুৱাৰ ‘স্ক্ৰীমিং বাটাৰফ্লাইজ’ নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ৬০ মিনিটতকৈ কম সময়ৰ তথ্যচিত্ৰৰ শিতানত আইমী বৰুৱাই পৰিচালনা কৰা তথ্যচিত্ৰখনে শ্ৰেষ্ঠ বিবেচিত হয়৷


উল্লেখযোগ্য যে আন্তঃধৰ্মীয় বিবাহৰ ভুক্তভোগীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন৷ তথ্যচিত্ৰখনৰ প্ৰযোজনা পৰিছে মালা বৰুৱাই৷ বঁটাৰ সৈতে ট্ৰফী আৰু নগদ প্ত লাখ টকা প্ৰদান কৰা হয়৷

Related Articles