১৩ জুন: air crash in Ahmedabad । দেশৰ ইতিহাসত অন্যতম ভয়ংকৰ বিমান দুৰ্ঘটনা ৰূপে বিবেচিত আহমেদাবাদৰ AI-171 নম্বৰৰ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ পিচত আজি ঘটনাস্থলীত উপস্থিত হন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহমেদাবাদত অৱতৰণ কৰাৰ লগে লগে তেওঁ মেঘানীনগৰস্থিত দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো মোদীৰ সৈতে উপস্থিত আছিল।

ঘটনাস্থলীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্ধাৰ কাৰ্যৰ অগ্ৰগতি, দুৰ্ঘটনাৰ প্ৰকৃতি, আৰু সম্ভাব্য কাৰণসমূহ সন্দৰ্ভত স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসকলৰ পৰা বিস্তারিত বিৱৰণ লয়। তাৰ পাছতে তেওঁ আহতসকলক সাক্ষাৎ কৰিবলৈ আহমেদাবাদৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰাওনা হয়।
চিকিৎসালয়ত প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ চিকিৎসাৰ খবৰ লয় আৰু ব্যক্তিগতভাৱে তেওঁৰ সান্ত্বনাসূচক বার্তা আগবঢ়ায়। তেওঁ প্ৰত্যেক আহতৰ আৰোগ্যৰ বাবে শুভকামনা জনায় আৰু চিকিৎসকসকলক উন্নততর চিকিৎসা সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে।

লক্ষণীয়ভাৱে, এই ভয়ংকৰ দুৰ্ঘটনাত ২৪২ গৰাকী যাত্ৰীৰ ভিতৰত ২৪১ জনে প্ৰাণ হেৰুৱায়, কেৱল এগৰাকী যাত্ৰী—কুমাৰ বিশ্বাস নামেৰে চিনাক্ত ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিকে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত থকা হ’লেও সংকটমুক্ত বুলি জানিব পৰা গৈছে।
৪০ বছৰীয়া কুমাৰ বিশ্বাসে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা কথোপকথনত কয়—
“উৰণৰ প্ৰায় ত্ৰিশ ছেকেণ্ডৰ পাছতেই এক তীব্ৰ বিস্ফোৰণ সদৃশ শব্দ শুনা যায়। তাৰ পাছতেই বিমানখন হঠাৎ নিচলৈ নামি আহে আৰু মুহূৰ্ততে দুৰ্ঘটনাগ্ৰস্ত হয়। মই ভাগ্যবশতঃ বাঁচি গৈছোঁ।”
মুখমণ্ডল, বুকু আৰু ভৰিত গুৰুতৰ আঘাতপ্ৰাপ্ত হলেও চিকিৎসকসকলৰ মতে, বিশ্বাসে অলপ অলপকৈ সুস্থতাৰ দিশে আগবাঢ়ি আছে।
উল্লেখযোগ্য যে বিমানখন পতন হোৱাৰ ফলত বিজে মেডিকেল কলেজৰ চিকিৎসকসকলৰ আৱাস বাগৰি পৰে, যাৰ ফলত চিকিৎসা বিজ্ঞানৰ বহু শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱায়। বহুজন লোক আহতও হয়।
প্ৰধানমন্ত্ৰীয়ে এই সম্পূর্ণ পৰিস্থিতি সন্দৰ্ভত গভীৰ দুঃখ প্ৰকাশ কৰি কয়—
“এই দুৰ্ঘটনাই দেশবাসীক বিষাদত নিমজাইছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় কৰি সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব।”