Air India: ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, বাতিল হ’ল দিল্লী-ৱাশ্বিংটন বিমান

ডিজিটেল ডেস্কঃ Air India এয়াৰ ইণ্ডিয়াৰ দিল্লী-ৱাশ্বিংটন ডি চি অভিমুখী বিমান (AI103) বুধবাৰে যাত্ৰাৰ মাজভাগত যান্ত্ৰিক সমস্যা দেখা দিয়াৰ ফলত বাতিল কৰা হয়। উল্লেখযোগ্য যে, ভিয়েনাত ইন্ধন ভৰোৱাৰ বাবে বিমানখনৰ অৱতৰণ আগতেই নিৰ্ধাৰিত আছিল। কিন্তু ইন্ধন ভৰোৱাৰ সময়তে বিমানখনত নিয়মীয়া পৰিদৰ্শনৰ সময়ত বিসংগতি ধৰা পৰে।

বিমানখনত ত্ৰুটি ধৰা পৰাৰ পাছতেই জৰুৰীভাৱে অতিৰিক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয়, যাৰ ফলত পৰৱৰ্তী সময়ত বিমানখন বাতিল কৰিবলৈ বাধ্য হয় এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ।

এই সিদ্ধান্তৰ ফলত বহু যাত্ৰী ভিয়েনাত আৱদ্ধ হৈ পৰে। এয়াৰ ইণ্ডিয়া সূত্রে জানিবলৈ পোৱা মতে, যিসকল যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকক বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে। লগতে, বিচাৰিলে সম্পূৰ্ণ ভাড়া ঘূৰাই দিয়াৰ আশ্বাসো দিয়া হৈছে।

উল্লেখযোগ্য যে, ১২ জুনত আহমেদাবাদত সংঘটিত এখন বিমান দুৰ্ঘটনাৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াৰ একাধিক আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমান যাত্ৰা বাতিল হৈছে।

Related Articles