Air India Plane Crash: দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ১ কোটিকৈ সাহায্য ঘোষণা টাটাৰ, দিলে আশ্বাস …

Air India Plane Crash । আহমেদাবাদত আজি দুপৰীয়া সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি সৃষ্টি কৰিছে গভীৰ চাঞ্চল্য। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ বিমানখন উৰণৰ কিছুসময় পাছতেই চিকিৎসালয়ৰ আৱাসৰ ওপৰত বাগৰি পৰে। এই বিধ্বংসী দুৰ্ঘটনাত বিমানখনত থকা ২৪২ গৰাকী লোকৰ লগতে চিকিৎসালয়ৰ হোষ্টেলত থকা কেইবাগৰাকীও চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ মৃত্যুৰ আশংকা প্ৰকাশ পোৱা গৈছে।

দুৰ্ভাগ্যজনকভাৱে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো এই দুৰ্ঘটনাত নিহত হোৱাৰ কথা নিশ্চিত কৰা হৈছে। আহমেদাবাদ আৰক্ষী আয়ুক্তৰ মতে, বিমানখনত প্ৰাণ ৰক্ষা কৰাৰ সম্ভাৱনা অত্যন্ত কম, যদিও এজন যাত্ৰীক আশ্চৰ্যজনকভাৱে জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী টাটা গ্ৰুপে ঘোষণা কৰিছে প্ৰতিজন নিহত লোকৰ পৰিয়াললৈ ১ কোটি টকা ক্ষতিপূৰণ আগবঢ়াব। লগতে আহতসকলৰ চিকিৎসাৰ সকলো খৰচ টাটা গ্ৰুপে বহন কৰাৰ কথা ঘোষণা কৰিছে।

টাটা গ্ৰুপৰ অধ্যক্ষ এন. চন্দ্ৰশেকৰণে স্বাক্ষৰিত এক বিবৃতিত উল্লেখ কৰা হৈছে —

“এই হৃদয়বিদাৰক দুৰ্ঘটনাই আমাৰ সকলোকে স্তব্ধ কৰি তুলিছে। এয়াৰ ইণ্ডিয়া আৰু সমগ্ৰ টাটা গ্ৰুপে গভীৰ শোক প্ৰকাশ কৰি নিহত লোকসকলৰ পৰিয়াললৈ প্ৰতি গৰাকীলৈ ১ কোটি টকাৰ ক্ষতিপূৰণ আগবঢ়াব। লগতে, সকলো আহতৰ চিকিৎসাৰ খৰচ টাটা গ্ৰুপে বহন কৰিব।”

ইয়াৰ উপৰিও, এই বিমান দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা বিজে মেডিকেল কলেজৰ হোষ্টেলৰ ভাঙি পৰা অংশটো পুনঃ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে টাটা গ্ৰুপে। উল্লেখযোগ্য যে, এই হোষ্টেলত থকা কেইবাগৰাকীও চিকিৎসা শিক্ষাৰ্থীৰ মৃত্যুও ঘটিছে।

টাটা গ্ৰুপে লগতে আশ্বাস দিছে যে—

“নিহত আৰু আহতসকলৰ পৰিয়াললৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব। এই দুঃসময়ত আমরা সকলোৰে সৈতে আছো।”

দেশজুৰি এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছত শোক আৰু সমবেদনা প্ৰকাশৰ ঢৌ বৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে নিজে পৰিস্থিতিৰ তৎকালীন মূল্যাংকন কৰি আহমেদাবাদলৈ যাবলৈ নিৰ্দেশ দিছে।

Related Articles