এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ অঘটন, এইবাৰ মহিলা যাত্ৰীৰ কম্বলত ‘প্ৰস্ৰাৱ’ কৰিলে মাতাল পুৰুষে

নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ২৬ নৱেম্বৰৰ এজন মাতাল যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীৰ গাতে প্ৰস্বাৱ কৰি দিয়াৰ দহ দিনৰ পিছত এইবাৰ এগৰাকী নিচাগ্ৰস্ত পুৰুষ যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীৰ কম্বলত প্ৰস্ৰাৱ কৰাৰ আন এটা ঘটনা ঘটিছে। পেৰিছ-দিল্লীৰ মাজত চলাচল কৰা বিমান সংঘটিত হৈছে। যাত্ৰী জনে লিখিতভাবে ক্ষমা বিচৰাৰ পিছত তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই বুলি এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলে বৃহস্পতিবাৰে কয়। এই ঘটনাটো ৬ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াৰ বিমান ১৪২ ত সংঘটিত হৈছিল । বিমানখনৰ পাইলটে বিষয়টো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (এটিচি)ক ঘটনাটো অৱগত কৰিছিল। পিছত পুৰুষ যাত্ৰীজনক আটক কৰা হৈছিল।ঘটনাৰ সৈতে জড়িত যাত্ৰীসকলে কোন শ্ৰেণীত যাত্ৰা কৰি আছিল সেয়া জানিব পৰা হোৱা নাই। বিমানখনে পুৱা প্ৰায় ৯:৪০ বজাত দিল্লীত অৱতৰণ কৰিছিল আৰু বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীক জনোৱা হৈছিল যে পুৰুষ যাত্ৰীজন “সুৰামত্ত হৈ আছিল আৰু তেওঁ কেবিন ক্ৰুৰ নিৰ্দেশনা অনুসৰণ কৰা নাছিল।তেওঁ এগৰাকী মহিলা যাত্ৰীৰ কম্বল প্ৰস্বাৱ কৰিছিল”

উল্লেখ্য কিছুদিন পূৰ্বে এয়াৰ ইণ্ডিয়াৰ বিমানৰ বিজনেছ ক্লাছত নিউয়ৰ্কৰ পৰা দিল্লীলৈ যাত্ৰা কৰি থকা এগৰাকী মহিলাৰ ওপৰত এজন পুৰুষ যাত্ৰীয়ে প্ৰস্ৰাৱ কৰি দিছিল। ভুক্তভোগী মহিলাগৰাকীয়ে শীঘ্ৰে এই কথা কেবিন ক্ৰেউ মেম্বাৰক জনায়। অভিযোগ অনুসৰি, সুৰাৰ ৰাগীত মাতাল হৈ থকা লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত অভিযুক্ত লোকজনক যাবলৈ দিয়া হয়। ভুক্তভোগী মহিলা যাত্ৰীগৰাকীয়ে পিছত টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনক এই সন্দৰ্ভত এখন পত্ৰ লিখি বিষয়টো অৱগত কৰে। ইয়াৰ পিছতে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা ঘটনাৰ তদন্ত আৰম্ভ হয়।

মহিলা যাত্ৰীগৰাকীয়ে নিজৰ পত্ৰত লিখিছে যে ক্ৰেউ মেম্বাৰে অতি সংবেদনশীল আৰু কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সজাগ নাছিল। তেওঁ আৰু লিখিছে যে এই ঘটনাক লৈ তেওঁ খুব দুখ পাইছে যে এয়াৰলাইনৰ ফালৰ পৰা তেওঁৰ নিৰাপত্তা আৰু সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

Related Articles