Breaking

ৰাজধানী দিল্লীত ভয়াৱহ ৰূপত বায়ু প্ৰদূষণ…

0 91

ৰাজধানী দিল্লীত ভয়াৱহ ৰূপত বায়ু প্ৰদূষণ। দিল্লী-এনচিআৰত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০২। একে সময়তে দিনত দিল্লীৰ পৰিস্থিতি এনেকুৱা আছিল যে কুঁৱলীৰ বাবে সূৰ্য্য লুকাই গৈছিল। চাৰিওফালে অন্ধকাৰময় পৰিৱেশ।

একে সময়তে আগন্তুক দুসপ্তাহত দিল্লী-এনচিআৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ সতৰ্কবাণী দিছে বিজ্ঞানীসকলে। প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে সংশ্লিষ্ট সকলো বিভাগৰ বৈঠক আহ্বান কৰিছে। গোপাল ৰায়ে কয় যে GRAP-3 কঠোৰ ৰূপায়ণৰ বিষয়ে বৈঠকত আলোচনা কৰা হ’ব।

Leave A Reply