Airlines Shares Drop: কিয় বিমান সংস্থাৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে! সবিশেষ খবৰ দৈনন্দিন বাৰ্তাৰ কাকতত

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ(Airlines Shares Drop) পিছতে বিশ্ব অৰ্থনীতিত ব্যাপত পৰিৱৰ্তন আহিছে । আহমেদাবাদ-লণ্ডন এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান উৰণৰ কিছু সময়ৰ পিছতে মেঘানীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ২৪২ গৰাকী যাত্ৰী আৰু ক্ৰু আছিল ।

সকলোকে মৃত বুলি আশংকা কৰা হৈছিল যদিও এজন দৈৱক্ৰমে বাচি গৈছে ।ইফালে এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছত বিমান সংস্থাটোৰ শ্বেয়াৰৰ মূল্য চাৰি শতাংশ পৰ্যন্ত হ্ৰাস পায়। ইয়াৰে টল এণ্টাৰপ্ৰাইজ লিমিটেডৰ শ্বেয়াৰ ৩.৮৪ শতাংশ হ্ৰাস পাইছে। ইণ্ডিগোৰ শ্বেয়াৰ ৩.০১ শতাংশ হ্ৰাস পাইছে।

স্পাইচজেট আৰু গ্ল’বেল ভেক্ট্ৰাৰ শ্বেয়াৰ ক্ৰমে ১.৮৫ আৰু ০.৯৬ শতাংশ হ্ৰাস পাইছে। আনকি এয়াৰ ইণ্ডিয়াৰ মালিক টাটা গ্ৰুপ কোম্পানীৰ শ্বেয়াৰো বহু পৰিমাণে হ্ৰাস পাইছে।প্ৰসংগক্ৰমে এয়াৰ ইণ্ডিয়াৰ বিমানখনে চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা দিনৰ ১:১৭ বজাত লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ উৰা মাৰিছিল।

দিনৰ ১:৩৮ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। দুৰ্ঘটনাটোৰ বাবে ওচৰৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয়।

Related Articles