Breaking

“এ আই ইউ ডি এফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ” অজিত কুমাৰ ভূঞা

0 11

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বহুৰূপী মানুহ।তেওঁ কেতিয়াবা ১৩ খন আসনত,কেতিয়াবা ১৪ খন আসনত বিজয়ী হব বুলি কয়।কেতিয়াবা আকৌ চাৰে এঘাৰখন আসনত বিজয়ী হব বুলি কয়।ই প্ৰমাণ কৰিছে যে বিজেপিয়ে ভয় খাইছে।’-আজি নগাঁৱৰ ননৈ পানীখাইটিত এখন সংবাদ মেল আয়োজন কৰি এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ।ৰাজ্যত বিকাশৰ কোনো চিন নাই বুলি মন্তব্য কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে-প্ৰচাৰ যন্ত্ৰটো লগতলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেৱল ভূৱা প্ৰতিশ্ৰুতিহে দিলে।

‘বিগত সময়ছোৱাত অসমৰ মুছলমান সমাজক ডঃ হিমন্ত বিশ্ব শৰ্মাই অপমান কৰিলে বুলি মন্তব্য কৰি ভূঞাই কয় যে-সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য কৰা উচিত নহয়।কিন্তু তেওঁ যে এজন সাম্প্ৰদায়িক নেতা সেইটো ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ মুছলমানৰ ভোট নালাগে বুলি কৈছিল।কিন্তু এতিয়া মুছলমানক তোষণ কৰিবলৈ লৈছে।পূৰ্বতকৈ তেওঁৰ ওলোটা স্থিতি।তেওঁলোক মুছলমান ভোটৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছে।’ বিজেপিৰ প্ৰধান সহায়ক দল এ আই ইউ ডি এফ বুলি মন্তব্য কৰি সাংসদ ভূঞাই কয় যে-বদৰুদ্দিন আজমলে ইছলাম ধৰ্মাৱলম্বী লোকক সহায় কৰিবলৈ যিটো দল গঠন কৰিছিল সেই দলটো এতিয়া বিজেপিৰ বি টীমত পৰিণত হৈছে।

সাংসদ ভূঞাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজস্থানত কৰা মন্তব্য অসমৰ নাগৰিক সমাজে গৰিহণা দিছে বুলি কয়।নিৰ্বাচন আয়োগকো চকু মুদা কুলি আখ্যা দি সাংসদ ভূঞাই বিজেপিৰ লগত আৰক্ষী,চি আৰ পি এফ,ই ডি আদি সকলো আছে বাবে মেক্স ফিক্সিং হব পাৰে বুলি আশংকা কৰে।তথাপিও মানুহে উপলব্ধি কৰিব বুলি আশা কৰাৰ কথা উল্লেখ কৰি সাংসদ ভূঞাই কয় যে-কি ধৰণে বিগত ১০ বছৰে গণতন্ত্ৰৰ ওপৰত পদাঘাট কৰিলে।মানুহৰ সমস্যা বঢ়াই দিলে।ৰাইজে উপলদ্ধি কৰিব।’নগাঁও লোকসভা সমষ্টিটো মুছলমান ভোটৰ বিভাজন আনিবলৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীক দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে-‘এ আই ইউ ডি এফ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।বিজেপিয়ে অসমখন টুকুৰা টুকুৰ কৰিব বিচাৰিছে।

তাৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগিব।’যিমানেই ভয় নেদেখুৱাওক নগাঁৱত তেওঁলোকৰ পৰাজয় নিশ্চিত হৈছে বুলি মন্তব্য কৰি সাংসদ ভূঞাৰ ৰাইজক আহ্বান -‘ৰাইজ গতিকে ঐক্যবদ্ধ হওক ভয় নকৰিব।অহা ২৬ এপ্ৰিলত নগাঁও লোকসভা সমষ্টিত ৰাইজে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিজয়ী কৰিব।।ইপিনে নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাইও সহপাঠী বিহীন ভুৱা ডিগ্ৰীধাৰী মোডীৰ দলে নগাঁও লোকসভা সমষ্টি বাসীক মেট্ৰিক ফেইল সুৰেশ বৰাৰ দৰে ধন টকা পইছা সৰ্বস্ব এজন ব্যক্তিক দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জে এন ইউৰ শিক্ষাৰে শিক্ষিত প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে টিকট দি সমষ্টিটোৰ শিক্ষিত ৰাইজক উপলুঙা আৰু প্ৰবঞ্চনা কৰে বুলি অভিযোগ কৰে। বিৰিঞ্চি বৰাই লগতে কয় যে- সুৰেশ বৰা ৰিচুৱেলিং কৰা টায়াৰৰ লেখীয়া আৰু কংগ্ৰেছ দলে তিনিবাৰকৈ ব্যৱহাৰ কৰি দলিয়াই পেলোৱা শিক্ষাৰ পোহৰ নোপোৱা সুৰেশ বৰাক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়।

‘সংবাদ মেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান,ভাৰত জোড়ো অভিযানৰ আহ্বায়ক পৰেশ মালাকাৰো উপস্থিত থাকে। অন্যহাতেদি সংবাদমেলৰ পূৰ্বে অনুষ্ঠিত এখন সভাত নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সংখ্যালঘু সকলকলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে পূৰ্বতে দিয়া এটা ভাষণ বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ বিশিষ্ট বুদ্ধিজীৱি সাহিত্যিক হীৰেন গোহাঁই, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনকে প্ৰমুখ কৰি ৰাজ্যৰ এশগৰাকী বুদ্ধিজীবী, সমাজকৰ্মীয়ে স্বাক্ষৰ কৰি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰে।

Leave A Reply